NORTHEAST NOW (Assamese)
অসম

মোৰ পৰিৱৰ্তে ধোনীক চেন্নাই চুপাৰ কিংছে আই পি এলত ক্ৰয় কৰাতো মোৰ বাবে ডাঙৰ বিপদ সদৃশ আছিল : দিনেশ কাৰ্তিক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 23, 2020 4:50 pm

চেন্নাইত জন্মগ্ৰহণ কৰা কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক দিনেশ কাৰ্তিকে আই পি এলৰ নিলামত তেওঁৰ পৰিৱৰ্তে মহেন্দ্ৰ সিং ধোনীক চেন্নাই চুপাৰ কিংছে ক্ৰয় কৰাতো তেওঁৰ বাবে আটাইতকৈ ডাঙৰ বিপদ সদৃশ আছিল বুলি মন্তব্য কৰে।

‘‘চেন্নাই চুপাৰ কিংছে মহেন্দ্ৰ সিং ধোনীক ক্ৰয় কৰাৰ পাছত মোক পাছত ক্ৰয় কৰিব বুলি ভাবিছিল কিন্তু বৰ্তমান ১৩ বছৰ হ’ল আৰু মই এতিয়াও চেন্নাই চুপাৰ কিংছৰ পৰা আমন্ত্ৰণ লাভ কৰিম বুলি ৰৈ আছো,’’ কলকাতাৰ অধিনায়ক দিনেশ কাৰ্তিকে কয়।

উল্লেখযোগ্য যে, ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে দীৰ্ঘদিনৰ পৰা আই পি এলত চেন্নাই চুপাৰ কিংছক নেতৃত্ব প্ৰদান কৰি অহাৰ বিপৰীতে দিনেশ কাৰ্তিকে নতুনকৈ কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়কত্বৰ ভাৰ গ্ৰহণ কৰিছে।

দিনেশ কাৰ্তিকে দীৰ্ঘদিনৰ পৰা মহেন্দ্ৰ সিং ধোনীৰ অনুপষ্ঠিতিত ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ উইকেট ৰক্ষক বেটছমেনৰ ভূমিকা পালন কৰি আহিছিল।

বিগত বৰ্ষৰক বিশ্বকাপৰ ভাৰতীয় দলটো দিনেশ কাৰ্তিকে স্থান লাভ কৰিছিল।

বিশ্বকাপৰ ছেমিফাইনেলৰ পৰা ভাৰতীয় দলে বিদায় লোৱাৰ পাছৰে পৰা দিনেশ কাৰ্তিক আৰু মহেন্দ্ৰ সিং ধোনী ভাৰতীয় দলৰ বাহিৰত আছে।