NORTHEAST NOW (Assamese)
অসম

বেজবৰুৱাৰ বাসগৃহ সংৰক্ষণ : কিহৰ কাৰণে অসম চৰকাৰক সঁহাৰি জনোৱা নাই উৰিষ্যা চৰকাৰে?

Posted by: এন ই নাও নিউজ December 24, 2018 12:56 pm
Bezbaruah-house

উৰিষ্যা চৰকাৰক ৰাজ্যখনৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহটো ভঙাৰ পৰিৱৰ্তে সংৰক্ষণ কৰিবলৈ তাৰ স্থানীয় সচেতন লোকসকলে বাধ্য কৰোৱাৰ পিছতো বাসগৃহটো সংৰক্ষণৰ কাম আশা কৰা ধৰণে আগ বঢ়া নাই। এই সন্দর্ভত লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি সুৰক্ষা সমিতিৰ আহ্বায়ক তথা সাংবাদিক দীপক কুমাৰ পাণ্ডেই জানিবলৈ দিয়া মতে, কথা মতেই উৰিষ্যা চৰকাৰে ইতিমধ্যে ইয়াৰ প্ৰতিশ্ৰুত ৫০ লাখ টকা দিছে ঘৰটো সংৰক্ষণৰ বাবে। কিন্তু অসম চৰকাৰে দিম বুলি কোৱা ৫০ লাখ টকাহে পোৱা নাই।

এই সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৰ পৰা অসমৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেৰ সৈতে যোগাযোগ কৰাত তেওঁ কয় যে উৰিষ্যা চৰকাৰৰ পৰা উপযুক্ত সঁহাৰি পোৱা নাই অসম চৰকাৰে।

“এই সন্দৰ্ভত যাৱতীয় তথ্য বিচাৰি আমি দুখনকৈ চিঠি লিখিলো উৰিষ্যা চৰকাৰলৈ। কিন্তু এতিয়ালৈকে কোন একাউণ্টত টকা জমা দিব লাগে সেইটোৰ সঠিক তথ্য পোৱা নাই।” মন্ত্ৰীজনে কয়। টকা নিদিয়াৰ অভিযোগ খণ্ডন কৰি “আমি প্ৰতিশ্ৰুতিমতে ৫০ লাখ টকা দিবলৈ সাজু হৈ আছো।” বুলিও কয় মন্ত্ৰীজনে।

উল্লেখযোগ্য যে আজিৰ পৰা প্ৰায় এবছৰ পূৰ্বে উৰিষ্যাত থকা ৰসৰাজৰ বাসগৃহটো তাৰ চৰকাৰে ভাঙিবলৈ লোৱাত স্থানীয় সচেতন লোকে প্ৰতিবাদ কৰে আৰু সেইটো সংৰক্ষণৰ দাবী তোলে। সেই দাবী মানি লৈ উৰিষ্যা চৰকাৰে সংৰক্ষণৰ বাবে সিদ্ধান্ত লয়। এই খবৰ জানিব পাৰি অসম চৰকাৰেও তাৎক্ষণিকভাৱে সিদ্ধান্ত লৈ বাসগৃহটো সংৰক্ষণৰ বাবে সহযোগ কৰাৰ কথা জনায়।

এই বিষয় লৈ অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে মন্ত্ৰী নৱ কুমাৰ দলে আৰু প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে সম্বলপুৰত থকা ৰসৰাজৰ বাসভৱনত উপস্থিত হৈছিল আৰু উৰিষ্যা চৰকাৰৰ লগত এক বৈঠকত মিলিত হৈছিল। উক্ত বৈঠকতে দুয়োখন চৰকাৰে বাসগৃহটো সংৰক্ষণৰ বাবে নিজৰ নিজৰ বৰঙনিৰ কথাত সিদ্ধান্তত উপনীত হৈছিল