NORTHEAST NOW (Assamese)

বিটিআৰ চুক্তি দিৱসৰ দ্বিতীয় দিনা কোকৰাঝাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা

January 25, 2021 4:03 pm · ৰিনয় বসুমতাৰী

বিটিআৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা প্ৰথম বিটিআৰ চুক্তি দিৱসৰ আজি দ্বিতীয় দিনা কোকৰাঝাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া বিশাল সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰে উদুলি মুদুলি কৰি তোলে গ্ৰীণ ফিল্ড

এই উপলক্ষে আজি কোকৰাঝাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা বড়োফা নোগৰৰ গ্ৰীণ ফিল্ডলৈ উলিওৱা বিশাল সাংস্কৃতিক শোভাযাত্ৰা পুৱা পতাকা জোকাৰি শুভাৰম্ভ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য উকীল মুছাহাৰীয়ে ৷

মুছাহাৰীয়ে তেখেতৰ ভাষণত তৃতীয় বড়ো শান্তি চুক্তিয়ে  সকলো জাতি- জনগোষ্ঠী আৰু বড়ো- অবড়োৰ মাজত বিভেদ আতঁৰাই ভাতৃত্ববোধৰ বিশাল চানেকি দাঙি ধৰাই নহয় আজিৰ সাংস্কৃতিক শোভাযাত্ৰাই বিটিআৰত শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ মহান চানেকি প্ৰতিফলিত কৰি তোলা বুলি কয় ৷

তেওঁ ভাষণ প্ৰশংগত বিগত সোতৰটা বছৰত এই অঞ্চলত শান্তি আৰু উন্নয়ন হোৱা নাছিলে বুলি আক্ষেপ ব্যক্ত কৰি আজি বিগত বৰ্ষৰ ২৭ আানুৱাৰীত সম্পাদিত হোৱা ঐতিহাসিক বিটিআৰ চুক্তিৰ পিছত সকলো পৰিবৰ্তণ হোৱাই নহয় আজিৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰাই বিটিআৰত সমন্বয়ৰ প্ৰতীকৰূপে প্ৰতীয়মান কৰি তোলা বুলি ভাষণত উল্লেখ কৰে ৷

উল্লেখ্য যে, প্ৰথম বিটিআৰ চুক্তি দিৱসৰ সতে সংগতি ৰাখি কোকৰাঝাৰত আজি বিটিচিৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত উলিওৱা সাংস্কৃতিক বিশাল শোভাযাত্ৰাত বড়ো,ৰাভা ,গাড়ো,কোচ ৰাজবংশী,আদিবাসী,নেপালি ,নাথ যোগী আদিকে ধৰি ভালেসংখ্যক সাংস্কৃতিক দল আৰু বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলো উপস্থিত আছিল ৷

আনপিনে আজি গ্ৰীণ ফিল্ডত বিয়লি বিটিআৰত বসবাস কৰা জাতি জনগোষ্ঠীৰ মাজত সাংস্কৃতিক বিনিময়ৰ এক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই ৷

Related News