NORTHEAST NOW (Assamese)

তীব্ৰ গতিত অগ্ৰসৰ হৈছে ঘূৰ্ণীবতাহ ‘আমফান’; যিকোনো সময়তে বিধ্বংসী ৰূপ লোৱাৰ সম্ভাৱনা

May 18, 2020 11:27 am · এন ই নাও নিউজ
আমফান

সময়ৰ লগে লগে আৰু শক্তিশালী হৈ উঠিছে ঘূৰ্ণীবতাহ ‘আমফান’। অহা কেইঘন্টামানৰ ভিতৰতে ই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা দেখা গৈছে।

জানিব পৰা মতে, এই ঘূৰ্ণীবতাহ উত্তৰ দিশৰ পৰা পুনৰ উত্তৰ-উত্তৰ-পূব দিশলৈ গতি কৰাৰ পাছত পশ্চিমবংগৰ পিনে তীব্ৰ গতিত আগবাঢ়িছে।

অহা ২০মে’ৰ আবেলি বা সন্ধিয়াৰ ভাগত ই ভয়ংকৰ ঘূৰ্ণীবতাৰহ ৰূপত পশ্চিমবংগৰ দীঘা আৰু বাংলাদেশৰ হাটিয়া দীপপুঞ্জৰ মাজৰ বাংলাদেশৰ উপকূলীয় অঞ্চলেৰে পাৰ হৈ যাব পাৰে।

বতৰ বিজ্ঞান বিভাগৰ মতে ই লাহে লাহে উত্তৰৰ দিশলৈ গতি কৰাৰ অধিক সম্ভাৱনা আছে।ইয়াৰ পাছতে ই উত্তৰ-উত্তৰ-পূবৰ দিশে গতি লৈ তীব্ৰ বেগে পশ্চিমবংগৰ উত্তৰ-পশ্চিম দিশলৈ ঢাপলি মেলিব।

২০মে’ৰ দিনা দুপৰীয়া বা সন্ধিয়াৰ ভাগত আমফানে পশ্চিমবংগৰ দীঘা আৰু বাংলাদেশৰ হাটিয়া দীপসমূহৰ মাজত ভয়ংকৰ সামুদ্ৰিক ধুমুহাৰ ৰূপ লৈ বিধ্বস্ত কৰি তুলিব পাৰে।

এই ঘূৰ্ণী বতাহৰ ফলত উৰিষ্যাৰ গংজম, পুৰী, জগতসিংপুৰ আৰু কেন্দ্ৰপাৰা জিলাৰ কিছুমান অংশত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

সোমবাৰে উপকূলীয়া অঞ্চলসমূহত বৃষ্টিপাত হোৱাৰ কথা বতৰ বিভাগে প্ৰকাশ কৰিছে।

ঘূৰ্ণীবতাহৰ প্ৰতি লক্ষ্য ৰাখি উৰিষ্যা চৰকাৰে সাগৰীয় অঞ্চলত বসবাস কৰা লোকসকলক সুৰ৭ইত স্থানলৈ স্থানান্তৰিত কৰিছে।

প্ৰায় ১১ লাখ লোকক উৰিষ্যাত সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে।

উৰিষ্যা চৰকাৰে প্ৰকাশ কৰা মতে ঘূৰ্ণীবতাহ আমফানৰ ফলত ৰাজ্যখনৰ ৬৪৯খন গাঁৱৰ প্ৰায় সাত লাখ লোক ক্ষতিগ্ৰস্ত হ’ব পাৰে।

Related News