NORTHEAST NOW (Assamese)
অৰুণাচল

ভয়াৱহ গতিত অসম অভিমুখী ফেনি, বংগোপ সাগৰত শক্তিবৃদ্ধি; শনিবাৰে হ’ব প্ৰচণ্ড বৰষুণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 1, 2019 6:12 pm
Cyclone Fani reaches Vishakhapattanam, Northeast India to see Heavy Rain by Saturday

চেফিৰ চিম্পছন হাৰিকে’ন ৱিন্দ স্কে’ল (Saffir-Simpson Hurricane Wind Scale)ত ১ নং কেতে’গৰিৰ ধুমুহাৰূপে চিনাক্ত ফেনি ভয়াৱহ গতিৰে আগবাঢ়িছে উত্তৰ-পূব অভিমুখে।

সাগৰীয় ধুমুহাজাকৰ ফলত শনিবাৰে অসমকে ধৰি উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশ আৰু মেঘালয় সন্মুখীন হ’ব প্ৰচণ্ড বৰষুণৰ, Weather.comৰ ভৱিষ্যতবাণী।

উত্তৰ-পূবত ক্ৰান্তীয় ধুমুহাটো (Tropical hurricane)ৰ ক্ষতিশংকা পূৰ্বানুমান এতিয়াই সম্ভৱ হোৱা নাই, কিন্তু অঞ্চলটোত এই প্ৰভাৱ প্ৰান্তীয় (peripheral) হ’ব বুলি ধাৰণা কৰা হৈছে।

বতৰ বিজ্ঞানৰ সীমাবদ্ধতাৰ মাজতো এতিয়ালৈকে সত্য প্ৰমাণিত হৈছে ১৭০-৮০ কিঃ মিঃ/ ঘণ্টা বেগত বলা ধুমুহাজাকৰ গতিপথ।

ঘণ্টাত ২০০ কিঃ মিঃলৈকে বেগৱন্ত হোৱাৰ ক্ষমতাসম্পন্ন ধুমুহাজাকৰ দক্ষিণ বংগোপসাগৰত শক্তিবৃদ্ধিৰ আশংকা কৰা হৈছে।

সেই অনুসৰি ফেনিয়ে ভয়ানক ক্ষতি কৰাৰ শংকা আছে বাংলাদেশত।

বুধবাৰে ইতিমধ্যে অন্ধ্ৰ প্ৰদেশৰ ৱিশাখাপত্তনমত উপস্থিত হৈছে ফেনি। শুকুৰবাৰৰ ভিতৰত দক্ষিণ উপকূলকে ধৰি অ’ড়িছাৰ অভ্যন্তৰতো তীব্ৰ বেগে বলিব ধুমুহাজাক।

ভয়াৱহ ধুমুহাজাকৰ মোকাবিলা কৰিবলৈ ইতিমধ্যে অন্ধ্ৰপ্ৰদেশ, অ’ড়িছা, পশ্চিম বংগৰ লগতে বাংলাদেশতো সতৰ্কীকৰণ জাৰি কৰিছে।