NORTHEAST NOW (Assamese)
অসম

তাওকতৰ পিছত আহি আছে সংহাৰী ঘূৰ্ণী ‘যশ’, কোন দেশে ৰাখিলে এই ধুমুহাৰ নাম?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 21, 2021 10:47 pm
cyclone

সাগৰীয় ধুমুহা তাওকতে দেশৰ কেইবাখনো ৰাজ্যত সংহাৰৰ সৃষ্টি কৰাৰ পিছত এইবাৰ আহি আছে আন এক সংহাৰী ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম যশ।

বিশ্বৰ তাণ্ডৱ সৃষ্টিকাৰী ঘূৰ্ণীবোৰৰ মাজৰে এটা হৈছে যশ।

এই ঘূৰ্ণী জাকে ২৬ মে’ত প্ৰৱেশ কৰিব পশ্চিমবংগত। ওড়িশা আৰু পশ্চিমবংগত এই ঘূৰ্ণী জাকে সংহাৰৰ সৃষ্টি কৰিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে।

অসমতো যশ ঘূৰ্ণীৰ প্ৰভাৱ পৰাৰ আশংকা আছে।

যিকিনহওঁক সংহাৰী ঘূৰ্ণী যশৰ নামটো বাৰু কোন খন দেশে ৰাখিলে?

দৰাচলতে যশ নামটো ৰাখিছে ওমানে। ওমানৰ প্ৰচলিত ভাষাত যশ অথবা ইয়াছৰ অৰ্থ হৈছে হতাশা। ভাৰত, ইৰাণ,ম্যানমাৰ,, পাকিস্তান, চৌদি আৰৱকে ধৰি বিশ্বৰ ১৩ খন দেশৰ সন্মিলিত সমিতিয়ে নামটোত অনুমোদনো জনাইছে।

ধুমুহা জাকে সৃষ্টি কৰা সংহাৰৰ বাবেই ইয়াৰ নাম হতাশা ৰখা হৈছে বুলি ধাৰণা কৰিব পাৰি।

বিশ্বৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা সাগৰীয় ধুমুহাৰ নাম নিৰ্ধাৰণ কৰিবলৈ এতিয়ালৈকে ১১ টা সংস্থা আছে।