NORTHEAST NOW (Assamese)

ডবকা শালবাগান ৰক্ষাৰ প্ৰতিবাদত অৱশেষত গা লৰিল চৰকাৰৰ, বিকল্প পথৰ সন্ধান কৰিবলৈ নিৰ্দেশ

October 29, 2021 6:34 pm · এন ই নাও নিউজ, গুৱাহাটী

অৱশেষত গা লৰিল অসম চৰকাৰৰ। দল-সংগঠনৰ তথা জনসাধাৰণৰ প্ৰতিবাদ দেখি এতিয়া বিকল্প পথৰ সন্ধান কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্দেশ দিয়ে অসম চৰকাৰে।

হোজাই জিলাৰ ডবকা বনাঞ্চলৰ শতবৰ্ষ গৰকা মূল্যবান গছসমূহ ৰক্ষাৰ বাবে বিগত কিছুদিনৰ পৰা বিভিন্ন দল–সংগঠন তথা অসমৰ জনসাধাৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

ৰাষ্টীয় ঘাইপথ নিৰ্মাণৰ নামত প্ৰায় ৬ সহস্ৰাধিক শালগছ কটাৰ পৰিকল্পনা কৰিছিল কৰ্তৃপক্ষই। বিগত ৭ দিনৰ পৰা দল-সংগঠনে গছ ৰক্ষাৰ বাবে বিকল্প ঠাইত ফৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰবল দাবী উত্থাপন কৰি আহিছে।

অৱশেষত শুকুৰবাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উচ্চ পদস্থ বিষয়া আৰু বন বিভাগৰ উচ্চ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ বিকল্প ঠাই পৰিদৰ্শন কৰে আৰু বনাঞ্চলৰ বাহিৰেৰে ফ’ৰলেনযুক্ত হাইৱে নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰে।

উল্লেখ্য যে, গছ কটাৰ বিৰোধিতাৰে বিভিন্ন দল সংগঠনে যোৱা সাত-আঠ দিনৰ পৰা ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছিল।

এই সন্দৰ্ভত উত্তৰ অসমৰ বন সংৰক্ষক বিষয়া বংকিম শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, ‘বিশেষ চাৰ্ভে একো কৰা হোৱা নাই। আমি ৰি এলাইনমেনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত প্ৰাধিকৰণক প্ৰস্তাৱ দাখিল কৰিছিলো। আৰু সেইটো তেওঁলোকে নিৰীক্ষণ কৰিব। বৰ্তমান গছ কটাৰ কোনো চিন্তা-চৰ্চাও কৰা হোৱা নাই।”

Related News