NORTHEAST NOW (Assamese)
Popular Stories

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 14, 2025 4:31 pm

অতি শীঘ্ৰেই উজনি অসমৰ পৰা গুৱাহাটীলৈ দূৰণিবটিয়া ইলেকট্ৰিক বাছ সেৱা আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে অসম ৰাজ্যিক পৰিবহণ নিগমে । ইয়াৰ সমান্তৰালকৈ ASTCৰ সুব্যৱহাৰ নোহোৱাকৈ বিভিন্ন স্থানত থকা কাৰ্যালয় তথা আস্থান সমূহত বাণিজ্যিক প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে সংস্থাটোৱে ।

যোৰহাটৰ পথ পৰিবহণ ব্যৱস্থাত অসম ৰাজ্যিক পৰিবহণ নিগমে আৰম্ভ কৰিলে চাৰ্টাৰ্ড বাছ সেৱা । দৈনিক পুৱা ৫:৩০ বজাত যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰু বিয়লি ৩:৩০ বজাত গুৱাহাটীৰ পৰা যোৰহাটলৈ চলিব। সোমবাৰে পুৱা এই বাছ সেৱাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়।

২০২৬ বৰ্ষত উজনি অসমৰ পৰা গুৱাহাটীলৈ চলাচল কৰিব ইলেকট্ৰিক বাছ। এনে একোখন বাছৰ বেটেৰি সম্পূৰ্ণ চাৰ্জ হ’বলৈ দুঘণ্টা সময়ৰ প্ৰয়োজন হয় আৰু এবাৰ চাৰ্জ দিয়াৰ পিছত ৩০০ কিলোমিটাৰ চলাচল কৰিব পাৰে । ইয়াৰ বাবে জাগীৰোড , যোৰহাটকে ধৰি কেইবাটাও স্থানত চাৰ্জিং ষ্টেচন নিৰ্মাণ কৰা হ’ব । সকলো ঠিকে থাকিলে ২০২৬ৰ আৰম্ভণিতে এই দূৰণিবতীয়া বৈদ্যুতিক বাছ সেৱা অসম ৰাজ্যিক পৰিবহণ নিগমে আৰম্ভ কৰিব।