NORTHEAST NOW (Assamese)
Popular Stories

ল’কডাউনত গভীৰ লোকচানত পৰিছে দুগ্ধ ব্যৱসায়ী; নিতৌ শ শ লিটাৰ গাখীৰ নষ্ট

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক April 20, 2020 10:29 am

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যজুৰি অব্যাহত থকা ল’কডাউনৰ সময়চোৱাত বিভিন্ন ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰা দেখা গৈছে। প্ৰধানকৈ খেতিয়কসকলৰ ওপৰত অৰ্থনৈতিক দিশত পৰিছে যথেষ্ট ঋণাত্মক প্ৰভাৱ।

যোৰহাট জিলাৰ টীয়কৰ বানে বিধ্বস্ত কৰা জাঁজীমুখত গো-পালক সকলৰ লগতে দুগ্ধ ব্যৱসায়ৰ সৈতে জড়িত লোকসকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনৰ ভিতৰতে দুগ্ধ উৎপাদনত চহকী জাঁজীমুখৰ গাখীৰ যোৰহাট, শিৱসাগৰ আদি বিভিন্ন জিলাৰ বিভিন্ন স্থানলৈ বিক্ৰীৰ বাবে নিয়া হয়।

কিন্তু বৰ্তমান ল’কডাউনৰ ফলত যাতায়ত বন্ধ হৈ পৰাৰ লগতে গাখীৰ কেঁচামাল ৰূপে ব্যৱহাৰ কৰা হোটেল আদি বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ বন্ধ থকাৰ বাবে গাখীৰ বিক্ৰী কৰাত যথেষ্ট বাধা আহি পৰিছে। ফলত গো-পালকসকল গভীৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

গো-পালকসকলৰ পৰা দুগ্ধ ব্যৱসায়ৰে জড়িতসকলে গাখীৰ সংগ্ৰহ নকৰাৰ বাবে নিতৌ নষ্ট হৈছে শ শ লিটাৰ গাখীৰ।

দুগ্ধ ব্যৱসায়ীসকলৰ জীৱনলৈ অনা এনে দূৰ্যোগে গ্ৰাম্য অৰ্থনীতিটো বিৰূপ প্ৰভাৱ পেলাইছে। সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত চৰকাৰে ক’ৰ’না ভাইৰাছৰ যুঁজখনৰ সামান্তৰালভাৱে বিশেষ আঁচনি গ্ৰহণ কৰাৰো প্ৰয়োজনীয়তা আছে বুলি ক্ষতিগ্ৰস্ত লোকসকলে কয়।