NORTHEAST NOW (Assamese)
অসম

অসমত বানপানীৰ ফলত ক্ষতিগ্ৰস্ত লোক সকলৰ প্ৰতি শোক প্ৰকাশ দালাই লামাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 17, 2020 6:10 pm

তিব্বতৰ আধ্যাত্মিক ধৰ্মগুৰু দালাই লামাই অসমৰ বিভিন্ন প্ৰান্তত হৈ থকা বানপানীৰ ফলত ক্ষতিগ্ৰস্ত লোক সকলৰ প্ৰতি দুখ ব্যক্ত কৰে।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ লিখা এখন পত্ৰত দালাই লামাই বানপানীৰ সময়ত উদ্ধাৰ অভিযান আৰু সাহায্যৰ বাবে অসম চৰকাৰৰ  প্ৰশংসা কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোক সকলৰ বাবে দুখ প্ৰকাশ কৰে।

”অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত বাৰিষা কালত হোৱা বৰষুণে প্ৰতিবছৰে ভয়াবহ ক্ষতি কৰি আহিছে আৰু জনসাধাৰণে বছৰৰ পাছত বছৰ ধৰি দুৰ্ভোগ ভোগ কৰি আহিবলগীয়া হৈছে,” দালাই লামাই লিখে।

”দুৰ্ভাগ্যজনকভাৱে চলিত বৰ্ষত ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ লগতে বানপানীয়ে বৃহৎ সমস্যাৰ সৃষ্টি কৰিছে,” দালাই লামাই লগতে লিখে।

আনহাতে, দালাই লামাই দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমত বানপানীৰ ফলত ক্ষতিগ্ৰস্ত লোক আৰু প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি দুখ প্ৰকাশ কৰাৰ লগতে যিসকল লোকৰ ঘৰ, সা-সম্পত্তি বানপানীত জাহ গৈছে তেওঁলোকৰ সকাহৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা বুলিও পত্ৰখনত উল্লেখ কৰে।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ বানপানীত অসমৰ মুঠ ২৭ খন জিলাৰ ৪০ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে।

অসমত এতিয়ালৈ বানপানী আৰু ভূমিস্খলনৰ ফলত ৯৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।