NORTHEAST NOW (Assamese)

দৰং জিলা প্ৰশাসনৰ দ্বাৰা মঙলদৈত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান

January 10, 2019 5:31 pm · ময়ূখ গোস্বামী
Updated: January 10, 2019 6:41 pm

দৰং জিলা প্ৰশাসনে নিশ্চিদ্ৰ নিৰাপত্তাৰ মাজত আজি ১০ জানুৱাৰি বৃহস্পতিবাৰে মঙলদৈ চহৰৰ একাংশ অঞ্চলত এটা উচ্ছেদ অভিযান চলায়। জিলা প্ৰশাসনৰ  উচ্ছেদকাৰী দলটোৱে মঙলদৈ চহৰৰ মঙলদৈ বাণিজ্য মহাবিদ্যালয় আৰু মঙলদৈ নদীৰ পূব অংশৰ ৱাৰ্ড নং ৬ত এই উচ্ছেদ অভিযান চলায়।

দুখন বুলডজাৰ সহ ৰাজহ আৰু পৌৰ নিগমৰ কৰ্মচাৰী আৰু শ্ৰমিকেৰে গঠিত এই বিশাল গোটটোৱে কঠোৰ নিৰাপত্তা বেষ্টনিৰ মাজত এই উচ্ছেদ অভিযান চলায়। উচ্ছেদকাৰী সকলে প্ৰায় ৫০ টা পৰিয়ালে বেদখল কৰি থকা কেইবা বিঘাও ভুমি বেদখলমুক্ত কৰি লয়।

আৰক্ষী অধীক্ষক শ্ৰীজিৎ থিৰাভিয়াম, অতিৰিক্ত জিলা উপায়ুক্ত (ৰাজহ) হৰিপ্ৰসাদ বৰা,  অতিৰিক্ত আৰক্ষী অধীক্ষক (প্ৰধান কাৰ্যালয়) সত্যজিৎ নাথ আৰু মঙলদৈ ৰাজহ চক্ৰৰ ৰাজহ বিষয়া দীপশিখা শইকীয়া আদি জিলাখনৰ অসামৰিক আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ স্থানীয় বিষয়াসকলে এই উচ্ছেদ অভিযানৰ নিৰীক্ষণ কৰিছিল।

জানিব পৰা মতে আজি যিহেতু এই উচ্ছেদ অভিযান সম্পন্ন নহ’ল সেয়েহে এই অভিযান শুকুৰবাৰলৈ চলি থাকিব। উল্লেখ্য যে বেদখলকাৰীসকলে উচ্ছেদ অভিযানক প্ৰতিৰোধ কৰিবলৈ কোনো প্ৰচেষ্টা চলোৱা নাছিল।

Related News