NORTHEAST NOW (Assamese)
অসম

জীৱিত গঁড়ৰ খৰ্গ কাটি নিয়া চোৰাংচিকাৰীৰ সন্ধান দিওঁতালৈ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা দৰং আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 18, 2022 10:20 am
Darrang Police announce Rs 2 lakh reward

কিছুদিন পূৰ্বে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভত ট্ৰেংকুলাইজাৰ ব্যৱহাৰ কৰি জীৱিত গঁড়ৰ খৰ্গ কাটি নিয়া ঘটনাত জড়িত চোৰাংচিকাৰীৰ তথ্য সহ সন্ধান দিব পৰা ব্যক্তিৰ বাবে নগদ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে দৰং আৰক্ষীয়ে।

দৰঙৰ আৰক্ষী অধীক্ষক ৰাজ মোহন ৰায়ে কয় এই অপৰাধৰ সৈতে জড়িত দলটোৰ বিষয়ে কোনো তথ্য বা সূত্ৰ প্ৰদান কৰা যিকোনো ব্যক্তি বা সংগঠনৰ বাবে নগদ পুৰস্কাৰ ঘোষণা কৰা হৈছে।

তেওঁ জনায় যে যদি কোনো ব্যক্তিৰ ওচৰত এই সন্দৰ্ভত কোনো তথ্য থাকে তেন্তে তেওঁলোকে ৯৪৩৫৭৪৬০৭৫ নম্বৰত ফোন কৰিব পাৰে।

তথ্যৰ যোগান ধৰা ব্যক্তিসকলৰ পৰিচয় গোপনীয় ৰখা হ’ব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখ্য যে অসমত প্ৰথমবাৰৰ বাবে এনেদৰে অভিনৱ পন্থা গ্ৰহণ কৰি চোৰাং চিকাৰীসকলে ট্ৰেংকুলাইজাৰ ব্যৱহাৰ কৰি খৰ্গ কাটি নিছে।

গঁড়টোক হত্যা নকৰাকৈয়ে জীৱিত অৱস্থাত বিশেষজ্ঞৰ দৰে চোৰাংচিকাৰীৰ দলটোৱে খৰ্গ কাটি নিয়ে।

আৰক্ষীয়ে চোৰাং চিকাৰীৰ এই দলটোৰ সন্ধান লাভ কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি নিশ্চিতি প্ৰদান কৰে।