কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰটোৰ নিৰাপত্তাক কেন্দ্ৰ কৰি আশংকাৰ খবৰ! তামিলনাডুৰ কুডানকুলামত অৱস্থিত এই পাৰমাণৱিক প্ৰকল্পটোৰ সৈতে জড়িত হাজাৰ হাজাৰ গোপন ফাইল ডাৰ্ক ৱেবত পোষ্ট কৰিছে ৰেনছমৱেৰ গ্ৰুপ ‘ৱৰ্ল্ড লিকছ’য়ে। ফাদিল হোৱা ফাইলসমূহত পাৰমাণৱিক প্ৰকল্পটোৰ বিভিন্ন অংশৰ ব্লুপ্ৰিণ্ট, যন্ত্ৰাংশসমূহৰ ডিজাইন, যোগানকাৰী আৰু বীমা সম্পৰ্কীয় বহু গোপন তথ্য আছে।
‘ৱৰ্ল্ড লিকছ’ৰ দাবী যে এই সকলো তথ্য উদ্যোগপতি অনিল আম্বানীৰ ৰিলায়েন্স গ্ৰুপৰ এটা চাৰ্ভাৰ হেক কৰি লাভ কৰা হৈছে। তেওঁলোক এই পাৰমাণৱিক প্ৰকল্পটোৰ অন্যতম কন্ট্ৰাক্টৰ। ৰিলায়েন্সৰ মুঠ ৮ লাখ ৫৮ হাজাৰ ফাইল ফাদিল হৈছে। ইয়াৰ ভিতৰত আছে কুডানকুলামৰ সৈতে জড়িত আটাইতকৈ ‘সংবেদনশীল’ ১৯ হাজাৰ ফাইল। এই খবৰ প্ৰকাশ কৰিছে সংবাদ সংস্থা ৰয়টাৰে। এক সূত্ৰৰ উদ্ধৃতি দি ৰয়টাৰে কয় যে ভাৰতৰ শীৰ্ষ চাইবাৰ সুৰক্ষা সংস্থা ‘চাৰ্ট-ইন’ই ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
ভাৰতৰ ৭টা পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ভিতৰত কুডানকুলাম হৈছে সৰ্ববৃহৎ। দেশৰ পাৰমাণৱিক শক্তি উৎপাদন আৰু অধিক সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে মোডী চৰকাৰে। কিন্তু তাৰমাজতে এই প্ৰতিবেদনে চাঞ্চল্যৰ সৃষ্টি কৰিছে। অনিল আম্বানীৰ ৰিলায়েন্স গ্ৰুপে ৰয়টাৰক জনোৱা মতে, ফাইলসমূহ “আংশিকভাৱে ফাদিল” হৈছে। তৃতীয় পক্ষৰ ডাটা চেণ্টাৰ সেৱা প্ৰদানকাৰী ইয়োটাৰ দ্বাৰা পৰিচালিত চাৰ্ভাৰৰ পৰাই এই তথ্য ফাদিল হৈছে। সমগ্ৰ ঘটনাৰ খবৰ দিয়া হৈছে চৰকাৰক।
নিউক্লিয়াৰ থ্ৰেট ইনিচিয়েটিভৰ জ্যেষ্ঠ সঞ্চালক নিকোলাছ ৰথে কয় যে তথ্য ফাদিল হোৱাৰ বাবে পাৰমাণৱিক প্ৰকল্পটোৰ নিৰাপত্তা “গুৰুতৰ সমস্যা”ত পৰিব পাৰে। ৰিলায়েন্স গ্ৰুপে কি তথ্য ফাদিল হৈছে সেই বিষয়ে সঠিকভাৱে প্ৰকাশ কৰা নাই। ২০১৮ চনত কুডানকুলামৰ তৃতীয় আৰু চতুৰ্থ ইউনিটৰ ডিজাইন আৰু নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰে।২০২৭ চনৰ ভিতৰত এই দুটা ইউনিট কাৰ্যক্ষম হোৱাৰ কথা। ইয়াত মুঠ ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদন হ’ব। কিন্তু লাভ কৰা নথি-পত্ৰৰ ভিত্তিত ৰয়টাৰে দাবী কৰিছে যে এই তথ্য ২০১৬ চনৰ পৰা ২০২৫ চনৰ ভিতৰৰ। ৱৰ্ল্ড লিকছৰ ৱেবছাইটত ফাদিল হোৱা ফাইলসমূহত কুডানকুলাম পাৰমাণৱিক চুক্তিৰ মূল ব্যৱস্থাসমূহৰ বিষয়ে কোনো তথ্য নাই।
এই উদ্যোগটোৰ পাৰমাণৱিক ৰিয়েক্টৰসমূহ ৰাছিয়াৰ চৰকাৰী মালিকানাধীন ৰোজাটমে যোগান ধৰিছিল। কিন্তু লিক হোৱা ফাইলসমূহৰ ভিতৰত আছে নিৰ্মাণাধীন তৃতীয় আৰু চতুৰ্থ ইউনিটৰ ভেণ্টিলেচন আৰু কুলিং চিষ্টেমৰ তথাকথিত ডিজাইন, ‘কমন কণ্ট্ৰ’ল ৰুম’ৰ সম্পূৰ্ণ ফ্লোৰ লে-আউট। ফাইলসমূহত যোগানকাৰীৰ প্ৰস্তাৱ, অনুমোদিত যোগানকাৰীৰ তালিকা, নিউক্লিয়াৰ পাৱাৰ কৰ্পৰেশ্যন আৰু ৰিলায়েন্সৰ মাজত যৌথ পৰিদৰ্শনৰ ওপৰত ২০২৪ চনৰ বৈঠকৰ কাৰ্য্যবিৱৰণীৰ লগতে সঁজুলিৰ ছবিও সন্নিবিষ্ট কৰা হৈছে।
আন এটা নথিত ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু নিউক্লিয়াৰ পাৱাৰ কৰ্পৰেশ্যনৰ বীমা পলিচিৰ বিষয়ে তথ্য সন্নিবিষ্ট কৰা হৈছে। সেই নথি অনুসৰি তৃতীয় আৰু চতুৰ্থ ইউনিট সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হ’লে ৰিলায়েন্স গোটে ১১কোটি ২০ লাখ ডলাৰ ক্ষতিপূৰণ লাভ কৰিব।
‘ৱৰ্ল্ড লিকছ’য়ে ইয়াৰ পূৰ্বে নাইক আৰু টাটা গ্ৰুপক লক্ষ্য কৰি লৈছিল। তেওঁলোকে সাধাৰণতে বিভিন্ন কৰ্পৰেট সংস্থাৰ পৰা তথ্য চুৰি কৰে। যেতিয়া কোম্পানীকেইটাই ধন দিবলৈ অস্বীকাৰ কৰে, তেতিয়া তেওঁলোকে নিজৰ ৱেবছাইটত চুৰি হোৱা তথ্য ফাদিল কৰে। ৱৰ্ল্ড লিকছৰ ৱেবছাইটটোত বিশেষ ব্ৰাউজাৰৰ জৰিয়তেহে প্ৰৱেশ কৰিব পাৰিব। ৰিলায়েন্সৰ তথ্য ফাদিল সন্দৰ্ভত ৰয়টাৰৰ প্ৰশ্নৰ উত্তৰ দিয়া নাই ৰেনছমৱেৰ গ্ৰুপে। পাৰমাণৱিক শক্তি নিগমৰ অধ্যক্ষ ৰাজেশ বীৰৰাঘৱন, চাৰ্ট-ইন আৰু ভাৰত চৰকাৰেও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।