NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত চলি থকা খেল’ ইণ্ডিয়াত ডেভিদ বেকহাম!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 15, 2020 9:04 am
David-Beckham-750x375

খেল’ ইণ্ডিয়াত আৱিৰ্ভাৱ ঘটিছে বিশ্বৰ ক্ৰীড়াজগতত ঈৰ্ষণীয় গ্লেমাৰৰ সৈতে এসময়ত দপদপাই থকা ইংলিছ ফুটবল তাৰকা ডেভিড বেকহামৰ!

১০ তাৰিখৰ পৰা অসমৰ গুৱাহাটীত চলি থকা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ যুৱ ক্ৰীড়া প্ৰতিযোগিতাখনত আজি ১৭ বছৰীয়া এজন যুৱকে চাইক্লিঙত ব্ৰঞ্জৰ পদক লাভ কৰে। কিন্তু পদক আহৰণৰ সফলতাতকৈ তেওঁ চৰ্চিত হোৱাৰ কাৰণটো হ’ল তেওঁৰ “ডেভিড বেকহাম” নামটো আৰু তেওঁৰ সংগ্ৰামৰ কঠিনতা।

ডেভিড বেকহামে প্ৰতিযোগিতাখনত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক প্ৰতিনিধিত্ব কৰিছে।

“আমাৰ গোটেই পৰিয়ালটো ডেভিড বেকহামৰ অনুগামী। গতিকে তেওঁলোকে মোৰ নাম তেওঁৰ নামেৰে দিলে” কিশোৰজনে নৰ্থ-ইষ্ট নাওক জনালে।

কিশোৰ খেলুৱৈজনে ফুটবলো খেলে আৰু সুব্ৰত কাপ প্ৰতিযোগিতাত অংশগ্ৰহণো কৰিছে বুলি জানিবলৈ দিয়ে।

David-Beckham-1
গুৱাহাটীত চলি থকা খেল’ ইণ্ডিয়াত চাইক্লিঙত ব্ৰঞ্জ লাভ কৰা ডেভিদ বেকহাম।

কিন্তু ককাকৰ অনুপ্ৰেৰণাত ২০১৭ চনৰ পৰা চাইক্লিং কৰিবলৈ আৰম্ভ কৰা ডেভিদে ইয়াকেই এতিয়া নিজৰ ক্ৰীড়া কেৰিয়াৰ হিচাপে নিৰ্বাচিত কৰিছে। তেওঁ ইয়াৰ পূৰ্বে এখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰিছিল।

মাত্ৰ এবছৰ বয়সীয়া হৈ থাকোতেই দেউতাকক হেৰুওৱা ডেভিদৰ জীৱন অত্যন্ত কঠিন যাত্ৰাৰ মাজেৰে আগ বাঢ়িছে। ২০১৪ চনত মাককো হেৰুওৱা ডেভিদ বৰ্তমান ককাকৰ সৈতে থাকে। চাইক্লিষ্ট হিচাপেই সফল হোৱাৰ সপোন দেখা ডেভিদে এতিয়া ফুটবল খেলা প্ৰায় বাদ দিছে।

“কিন্তু আন্দামানত আন্তঃৰাষ্ট্ৰীয় মানৰ চাইক্লিং সা-সুবিধা পোৱাটো কঠিন”, নিজকে এজন সফল চাইক্লিষ্ট হিচাপে গঢ় দিবলৈ সংগ্ৰাম অব্যাহত ৰখা ডেভিদে কয়। তেওঁ এই সুবিধাৰ বাবে এখন ডাঙৰ মহানগৰলৈ যোৱাৰ পৰিকল্পনা কৰা বুলিও জনালে।