NORTHEAST NOW (Assamese)
Popular Stories

ডাভ’ছত বিশ্বৰ আঢ্যবন্ত লোকৰ যৌন বিলাস: ১০ কোটি টকা খৰচ কৰাৰ বিস্ফোৰক তথ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 27, 2026 10:55 am

ছুইজাৰলেণ্ডৰ মনোৰম চহৰ ডাভ’ছত শেহতীয়াকৈ বিশ্ব অৰ্থনৈতিক ফৰামৰ বাৰ্ষিক সন্মিলন সম্পন্ন হৈ যায়, য’ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও অংশগ্ৰহণ কৰিছিল। বিশ্বৰ শীৰ্ষ ব্যৱসায়ী, চিন্তাবিদ আৰু ৰাজনৈতিক নেতাসকলে জলবায়ু পৰিৱৰ্তন, মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক প্ৰগতিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিবলৈ ইয়াত একগোট হৈছিল। শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা এই অভিজাত সমাৱেশৰ এক ক’লা অধ্যায় পোহৰলৈ আহিছে।

‘ডেইলী মেইল’ৰ এক প্ৰতিবেদন অনুসৰি, বিশ্ব অৰ্থনৈতিক ফৰামৰ এই সন্মিলনৰ সময়ত ডাভ’ছত ‘এস্কৰ্ট এজেন্সী’সমূহৰ চাহিদা অস্বাভাৱিকভাৱে বৃদ্ধি পায়। অতি প্ৰভাৱশালী অতিথি সকলে ‘সংগ’ লাভৰ বাবে অতি উচ্চ দৰত ধন আদায় দিছিল। একাংশই আনকি নিজাকৈ যৌন পাৰ্টি আৰু ‘অৰ্জি’ (Orgies) অৰ্থাৎ দলবদ্ধ যৌন ক্ৰিয়া আয়োজন কৰাৰো তথ্য পোৱা গৈছে।

প্ৰতিবেদন অনুসৰি, বুকিং সম্পূৰ্ণ হোৱাৰ পিছত এই মহিলাসকলক ‘নন-ডিছক্ল’জাৰ এগ্ৰিমেণ্ট’ (NDA) অৰ্থাৎ তথ্য গোপনীয়তা ৰখাৰ চুক্তিত চহী কৰোৱা হৈছিল। মাত্ৰ এটা বুকিঙৰ বিনিময়ত কিছুমান মহিলাই ৬,০০০ পাউণ্ড (প্ৰায় ৬.৫ লাখ টকা) পৰ্যন্ত উপাৰ্জন কৰিছে।

সন্মিলনৰ প্ৰথম তিনিদিনতে মাত্ৰ এটা ৱেবছাইটৰ পৰাই প্ৰায় ২.৯ কোটি টকাৰ লেনদেন হৈছিল। বিভিন্ন সংস্থাৰ তথ্য মিলাই চালে দেখা যায় যে সমগ্ৰ অনুষ্ঠানটোত যৌন সেৱাৰ নামত প্ৰায় ১ মিলিয়ন চুইছ ফ্ৰাংক (প্ৰায় ৯.৬৮ কোটি টকা) খৰচ কৰা হৈছে।

প্ৰতিবেদনখনত দাবী কৰা হৈছে যে ব্যৱসায়িক জগতৰ কেইবাজনো প্ৰভাৱশালী ব্যক্তিয়ে একেলগে কেইবাগৰাকীও মহিলা বুকিং কৰি যৌন পাৰ্টিৰ আয়োজন কৰিছিল। ‘Titt4Tat’ নামৰ এটা প্লেটফৰ্মৰ মুখপাত্ৰ এণ্ড্ৰিয়াছ বাৰ্জাৰে জনোৱা মতে, যোৱা বছৰৰ তুলনাত এইবাৰ যৌন পাৰ্টিৰ সংখ্যা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। যোৱা বছৰ য’ত ১৭০ গৰাকী এস্কৰ্ট বুকিং হৈছিল, এইবাৰ সেই সংখ্যা ৩০০ লৈ বৃদ্ধি পাইছে।

ছুইজাৰলেণ্ডৰ আন এক এস্কৰ্ট এজেন্সী ‘এস্কৰ্ট এভান্টগাৰ্ড’ৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, এই শক্তিশালী লোকসকলে নিজকে আইনৰ উৰ্ধত বুলি গণ্য কৰে। বহু ক্ষেত্ৰত এই অভিজাত গ্ৰাহকসকলে বি ডি এছ এম (BDSM) দৰে বিসংগতিপূৰ্ণ যৌন চাহিদা পূৰণৰ বাবে মহিলাসকলৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱাৰো আশংকা থাকে।