NORTHEAST NOW (Assamese)
অসম

সমগ্ৰ দেশক ক’ৰ’না মুক্ত বুলি ঘোষণা কৰাৰ পাছতে নিউজিলেণ্ডত পুনৰ দুগৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 16, 2020 4:58 pm
সমগ্ৰ দেশক ক’ৰ’না মুক্ত বুলি ঘোষণা কৰাৰ পাছতে নিউজিলেণ্ডত পুনৰ দুগৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি

সমগ্ৰ দেশক ক’ৰ’না ভাইৰাছ মুক্ত বুলি ঘোষণা কৰাৰ পাছতে পুনৰ ক’ৰ’না আক্ৰান্ত ৰোগী চিনাক্ত হৈছে নিউজিলেণ্ডত।

নিউজিলেণ্ডৰ প্ৰধান মন্ত্ৰী জেচিন্দা আৰড্ৰেনে নিউজিলেণ্ডৰ অন্তিম গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগী সুস্থ হৈ উঠাৰ পাছত দেশখনক ক’ৰ’না মুক্ত বুলি ঘোষণা কৰাৰ দুদিন পাছতে পুনৰ দুগৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

‘‘নতুনকৈ ক’ৰ’না আক্ৰান্ত দুয়োগৰাকী ৰোগীকে চিকিৎসা প্ৰদান কৰি থকা হৈছে। ক’ৰ’না আক্ৰান্ত দুয়োগৰাকী ৰোগী য়ু কেৰ পৰা উভতি অহা,’’ নিউজিলেণ্ডৰ চিকিৎসা বিষয়া এগৰাকীয়ে প্ৰকাশ কৰে।

সোমবাৰে দেশখনত নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ৰোগী দুগৰাকীৰ সৈতে নিউজিলেণ্ডত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১৫০৪ গৰাকীলৈ বৃদ্ধি পায়।

এই ঘটনাৰ পাছতে প্ৰধান মন্ত্ৰী আৰড্ৰেনে নিউজিলেণ্ডে ভবিষ্যতেও অধিক ক’ৰ’না আক্ৰান্তৰ ৰোগীৰ মুখামুখি হ’বলগীয়াত পৰিব পাৰে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, নিজিলেণ্ডক ক’ৰ’না মুক্ত বুলি ঘোষণা কৰাৰ পাছতে দেশখনৰ জনসাধাৰণে ক’ৰ’নাৰ বিৰুদ্ধে সাব্যস্ত কৰা বিজয় উদযাপন কৰিছিল।