NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নৈত যুৱকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য

April 17, 2019 3:17 pm · মানস প্ৰতিম গগৈ
Updated: April 17, 2019 3:33 pm
মাৰ্ঘেৰিটাত উদ্ধাৰ হোৱা যুৱকৰ মৃতদেহটো

ৰাজ্যত ৰঙালী বিহুৰ আনন্দৰ মাজতে মাৰ্ঘেৰিটাত আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হয়।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ আৰক্ষী থানাৰ অন্তৰ্গত হিলভিউৰওচৰৰ বুঢ়ীদিহিং নৈৰ নতুন দলঙৰ তলত এজন যুৱকৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ৷ ৩০-৩৫ বছৰীয়া নীলা ট্ৰেক চ্যুট পৰিহিত যুৱকজনৰ মৃতদেহটো দেখি স্থানীয় ৰাইজে মাৰ্ঘৰিটা আৰক্ষীক খবৰ দিয়ে৷

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্তত এয়া আত্মহত্যা বুলি সন্দেহ কৰে যদিও স্থানীয় ৰাইজে পৰিকল্পিতভাবে কোনোবাই যুৱকজনক হত্যা কৰিছে বুলি মন্তব্য কৰে।

আনহাতে, বাতৰি সংগ্ৰহ কৰাৰ সময়লৈ  মৃতদেহটো চিনাক্তকৰণ কৰা হোৱা নাই। মাৰ্ঘেৰিটা আৰক্ষীয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনিন্দ্ৰ চমুৱাৰ নেতৃত্বত তদন্ত অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, পূৰ্বেও উক্তস্থানত সন্দেহজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল। সঘনে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোক অপৰাধৰ ঘাটিলৈ ৰূপান্তৰিত কৰিছে বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰে।

Related News