NORTHEAST NOW (Assamese)

কলিয়াবৰৰ বৰালীগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথত বাঘৰ পোৱালিৰ মৃতদেহ উদ্ধাৰ

November 27, 2021 12:45 pm · ৰিদীপ শৰ্মা, কলিয়াবৰ
ফটো: নৰ্থইষ্ট নাও।

কলিয়াবৰৰ বৰালীগাঁৱত এটা লতামাকৰি বাঘৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি আজি চাঞ্চল্যৰ সৃষ্টি হয়।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতে অচিনাক্ত গাড়ীৰ খুন্দাত নিহত হয় লতামাকৰি বাঘৰ পোৱালিটো। এইদৰে বাঘৰ মৃতদেহ প্ৰত্যক্ষ কৰি শংকিত হৈ পৰে গাওঁবাসী।

পুৱা ৮ মান বজাত বাঘৰ পোৱালিটোৰ মৃতদেহ ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত প্ৰত্যক্ষ কৰে স্থানীয় লোকসকলে।

পিছত বন বিভাগৰ লোক আহি ঘটনাস্থলীৰ পৰা বাঘৰ মৃতদেহটো উদ্ধাৰ কৰে।

একাংশ লোকে মৃতদেহটো নাহৰফুটুকী বা লতামাকৰিৰ বুলি দাবী কৰাৰ বিপৰীতে বন বিভাগৰ লোকে এইটো বন মেকুৰি বা মেচুকা বুলিহে সদৰী কৰে ।

Related News