NORTHEAST NOW (Assamese)
অসম

সন্ধানহীন যুৱকৰ অৰ্দ্ধগলিত মৃতদেহ উদ্ধাৰ; নগাঁৱত চাঞ্চল্য

Posted by: মিণ্টু দাস October 28, 2018 10:19 pm
Nagaon

নগাঁৱৰ ৰূপহী উলুৱনি গাৱঁত আজি এগৰাকী সন্ধানহীন যুৱকৰ অৰ্দ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

উদ্ধাৰ হোৱা মৃতদেহটো ৰূপহীহাটৰ উলুৱনি গাঁৱৰে ৰবীন বৰাৰ বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্য মতে ৰবীন বৰা যোৱা ২৪ অক্টোবৰৰ পৰা সন্ধানহীন হৈ আছিল।

চাৰি দিন ধৰি সন্ধানহীন হৈ থকাৰ পিছত আজি একে গাৱঁৰে পুতু বৰা ঘৰৰ পিছফালৰ পুখুৰীত তেওঁৰ অৰ্দ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

একাংশই ইয়াক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে যদিও এইয়া হত্যা নে আত্মহত্যা সেই কথা এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তৰ অন্ততহে ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।