NORTHEAST NOW (Assamese)
অসম

চামগুৰি ন’নৈ নদীত যুৱকৰ মৃতদেহ উদ্ধাৰ

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা August 4, 2019 9:17 pm
চামগুৰি ন’নৈ নদীত যুৱকৰ মৃতদেহ উদ্ধাৰ

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ শালনা আৰক্ষী চকীৰ অন্তৰ্গত ন’নৈ নৈত আজি পুৱাৰ ভাগত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, আজি পুৱা ভাগত স্থানীয় একাংশ লোকে নৈ খনত এটা মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত শালনা আৰক্ষী চকীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

নিহত লোকজনক সেই অঞ্চলৰে নতুন লাইনৰ নৃপেন কৰ্মকাৰ (২৬) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে যুৱকজন কালি পুৱাৰ পৰা সন্ধানহীন হৈ আছিল।

আজি যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰাৰ পিছত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।