NORTHEAST NOW (Assamese)
অসম

মৰাণত ৰহস্যজনক অৱস্থাত বংগভাষী অসমীয়া সমাজৰ কৰ্মীৰ মৃতদেহ উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 30, 2019 2:23 pm
buisnessman found dead at Dibrugarh

আজি ডিব্ৰুগড় জিলাৰ মৰাণত ৰহস্যজনক ভাবে মৃ্তদেহ উদ্ধাৰ হয় বংগভাষী অসমীয়া সমাজৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ললিত দে। মৰাণৰ ৬ নং ৱাৰ্ডত থকা বাসগৃহত ৰহস্যজনক অৱস্থাত এখন চকীত বহি ডিঙিত ফাঁচ লৈ থকা অৱস্থাত উদ্ধাৰ হয় দে’ৰ মৃতদেহ।

আনহাতে, দে’ৰ ৰহস্যজনক মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত্যুৰ সময়ত দে’ৰ বয়স আছিল ৫০ বছৰ। পত্নী, পুত্ৰ আৰু এগৰাকী কন্যা ইহ সংসাৰত এৰি থৈ যায় তেওঁ।

আজি ৰাতিপুৱা ললিত দেৰ  মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ লগে লগে মৰাণহাট আৰক্ষীক খবৰ দিয়া হয়  যদিও ঘটনাস্থলীত বহু পলমকৈ আৰক্ষীৰ দল উপস্থিত হয়। পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

স্থানীয় ৰাইজে দে’ৰ মৃত্যুক সহজ ভাবে গ্ৰহণ কৰিব নোৱাৰি আৰক্ষীক ইয়াৰ বাবে উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী জনায়। পৰবৰ্তী সময়ত আৰক্ষীৰ তদন্তত এয়া আত্মহত্যা নে পৰিকল্পিত হত্যা সেই কথা পোহৰলৈ আহিব।

উল্লেখযোগ্য যে, বংগভাষী অসমীয়া সমাজৰ লগতে দে’ এগৰাকী তামোল ব্যৱসায়ী আছিল। ব্যৱসায়ৰ সমান্তৰালভাবে তেওঁ ভালেমান সামজিক কাম-কাজৰ লগতো নিজকে নিয়োজিত কৰি ৰাখিছিল।