NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ বিলাসী ফ্লেটত যুৱকৰ মৃতদেহ উদ্ধাৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী March 17, 2022 8:22 am

গুৱাহাটী মহানগৰীৰ এটা বিলাসী ফ্লেটত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মহানগৰীৰ গীতানগৰত থকা ছ’নিয়া এনক্লেভ নামৰ বিলাসী আবাসটোৰ পঞ্চম মহলাৰ চিৰিত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহটো।

আবাসটোৰ আবাসী একাংশই যুৱক জন চিৰিত পৰি থকা দেখিবলৈ পাই এম্বুলেঞ্চেৰে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

মৃত যুৱক জনৰ নাম আজাৰীয়া বুলি জানিব পৰা গৈছে।

যুৱক জনৰ ঘৰ হাফলঙত।

যুৱকজনে ভনীয়েকৰ সৈতে উক্ত ফ্লেটটোত বাস কৰি আছিল।

কি পৰিস্থিতিত কেনেদৰে যুৱক জনৰ মৃত্যু হ’বলৈ পালে সেয়া এতিয়াও ৰহস্যৰ বিষয় হৈ আছে।

আৰক্ষীৰ তদন্তৰ পিছতহে সকলো কথা স্পষ্ট হ’ব বুলি ধাৰণা কৰা হৈছে।