NORTHEAST NOW (Assamese)
অসম

মহিলাৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰক লৈ কৃষ্ণাইত চাঞ্চল্য

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা November 7, 2019 10:07 pm

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত নয়াপাৰা গাঁৱত এগৰাকী অগ্নিদগ্ধ মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। নিহত মহিলাগৰাকীক ছালেহা বিবি (২৫) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে আজি মহিলা গৰাকীৰ অগ্নিদগ্ধ মৃতদেহটো স্বামীৰ পৰিয়ালে অতি কৌশলেৰে শেষ কাৰ্য সম্পন্ন কৰিবলৈ প্ৰস্তুতি চলি থকাৰ সময়তে দণ্ডাধীশসহ আৰক্ষীৰ দল এটাই ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি বুধবাৰে সন্ধিয়া ছালেহা বিবি অগ্নিদগ্ধ হৈছিল আৰু স্বামী ছায়েদ আলী ঘৰত থকাৰ পিছতো চিকিৎসাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত আজি পুৱা তেওঁৰ মৃত্যু হয়।

পিছত কথাটো স্থানীয় ৰাইজে গম পাই আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে।

স্থানীয় ৰাইজৰ মতে দুয়োৰে মাজত প্ৰায়ে কজিয়া-মাৰপিটৰ ঘটনা সংঘটিত হৈ আহিছিল। মহিলা গৰাকীৰ এটি সাত মাহিয়া পুত্ৰ সন্তান আছিল।