NORTHEAST NOW (Assamese)
Popular Stories

মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 19, 2025 8:02 pm

শুকুৰবাৰে সন্ধিয়া মণিপুৰৰ বিষ্ণুপুৰ জিলাত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই ভীতিগ্ৰস্ত কৰি তুলিছে অঞ্চলটো। নামব’ল আৰক্ষী থানাৰ অন্তৰ্গত নামব’ল সবাল লেইকাইৰ সমীপত সন্ধিয়া প্ৰায় ৬ বজাত অজ্ঞাত সশস্ত্ৰদলে অসম ৰাইফলছৰ জোৱানক লক্ষ্য কৰি এম্বুছ কৰে।

ইম্ফলৰ পৰা বিষ্ণুপুৰ অভিমুখে টাটা ৪০৭ বাহনত আহি থকা সময়তে বন্দুকধাৰীয়ে আকস্মিকভাৱে গুলীচালনা আৰম্ভ কৰে। এই আক্ৰমণত এজন জোৱানে ঘটনাস্থলতেই প্ৰাণ হেৰুৱায় আৰু কমেও তিনিজন জোৱান গুৰুতৰভাৱে আহত হয়। আহতসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আক্ৰমণটোৱে অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ঘটনাৰ পিছত আৰক্ষীয়ে তৎপৰতাৰে আক্ৰমণৰ স্থান অৱৰোধ কৰি সন্দেহজনক লোকসকলক বিচাৰি অভিযান আৰম্ভ কৰিছে। এতিয়ালৈকে কোনো গোটে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। নিহত আৰু আহত জোৱানৰ পৰিচয় অতি শীঘ্ৰে প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে।