NORTHEAST NOW (Assamese)
অসম

পুনৰ বিৰোধী দলপতি পদত দেৱব্ৰত শইকীয়া; বাকী কেইবাগৰাকীলৈও বিশেষ দায়িত্ব

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 20, 2021 6:21 pm
Debabrata-Saikia8-768x469

পুনৰ বিৰোধী দলপতি হিচাপে নিযুক্তি দিয়া হ’ল দেৱব্ৰত শইকীয়াক। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এই কথা ঘোষণা কৰিছে।

আনহাতে, বিৰোধী উপ দলপতি হিচাপেও বাহাল থাকিল ৰকিবুল হুছেইন।

এইবাৰ কংগ্ৰেছ বিধায়িনী দলৰ মুখ্য সচেতক হিচাপে নিযুক্তি দিয়া হৈছে ৱাজেদ আলি চৌধুৰীক।

কংগ্ৰেছ বিধায়িনী দলৰ উপ মুখ্য সচেতক হিচাপে কমলাক্ষ দে পুৰকায়স্থক দিয়া হৈছে নিযুক্তি।

কংগ্ৰেছ বিধায়িনী দলৰ সচিব হিচাপে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক দিয়া হৈছে দায়িত্ব।

সেইদৰে, কংগ্ৰেছ বিধায়িনী দলৰ মুখপাত্ৰ হিচাপে থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইক আৰু কোষাধক্ষ হিচাপে ৰেকিবুদ্দিন আহমেদক দায়িত্ব দিয়া হৈছে।