NORTHEAST NOW (Assamese)
অসম

মন্ত্ৰী হিমন্তৰ ৰামঠগন! : স্থায়ী নিযুক্তি দিম বুলি প্ৰতিশ্ৰুতি দি চাকৰিৰ পৰা খেদালে কোভিড যোদ্ধাক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 21, 2020 7:07 pm
Protest 124

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ কোভিড যোদ্ধাক ৰামঠগন দিয়াৰ ঘটনা পোহৰলৈ আহিছে।

স্থায়ীভাৱে নিযুক্তি দিম বুলি আশ্বাস দি প্ৰায় ১৫০ গৰাকী বিভিন্ন ব্যক্তিগত চিকিৎসালয় বা প্ৰতিষ্ঠানৰ লেবৰেটৰী টেকনিচিয়ানক কামৰ পৰা বাহিৰ কৰি দিলে ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগে।

যোৱা ১১ নৱেম্বৰৰ দিনা ৰাজ্যৰ ৰাষ্ট্ৰীয় স্থাস্থ্য মিছনৰ সঞ্চালক ড০ লক্ষ্মণ এছে এক জাননী যোগে সাময়িকভাৱে নিযুক্তি দিয়া এডিশ্যনেল এইছ আৰসকলক কামৰ পৰা মুক্তি দিয়া হৈছে বুলি ঘোষণা কৰে।

ইপিনে, এইসকল নিযুক্তি হেৰুওৱা লেবৰেটৰী টেকনিচিয়ানক স্থায়ী নিযুক্তি দিয়া হ’ব বুলি সংবাদমেল পাতি ঘোষণা কৰিছিল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে।

সংবাদমেলত তেওঁ কোৱা কথাখিনি অসম্পাদিতৰূপত পাঠক ৰাইজলৈ তুলি ধৰিলো।

তেওঁ কৈছিল ‘আমাক এসপ্তাহৰ ভিতৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে ১৫০ গৰাকী লেবৰটেৰী টেকনিছিয়ানক নতুনকৈ চাকৰি দিব। আমি ৱাক ইন ইন্টাৰভিউ কৰি ল’ম। আৰু ১৫০ গৰাকীক আমি চাকৰি দিয়াৰ পাছত গুৱাহাটীৰ ৯০ টা এৰিয়া সভাত একোটাকৈ স্ক্ৰীণিং চেন্টাৰ স্থাপনৰ সিদ্ধান্ত লৈছো। যিসকলৰ নিযুক্তি হ’ব সেইসকলৰ স্থায়ী নিযুক্তি হ’ব আৰু তাৰ পাছত আমি আন কামত তেওঁলোকক ব্যৱহাৰ কৰিম।‘

কিন্তু এতিয়া ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে সম্পূৰ্ণ ওলোটা খৰ মাৰি এই লেবৰটেৰী টেকনিচিয়ানসকলৰ চাকৰিৰ পৰা চাটাই কৰাত ক্ষোভিত হৈ পৰিছে।

শনিবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য সঞ্চালকালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে লেবৰটেৰী টেকনিচিয়ানসকলে।

তেওঁলোকৰ এটাই শ্লোগান ‘আমি টিচু পেপাৰ নহয়, এবাৰ ব্যৱহাৰ কৰি দলিয়াই পেলাব।‘

প্ৰতিবাদত অংশগ্ৰহণ কৰা এগৰাকী প্ৰতিবাদকাৰীয়ে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় ‘আমাক নিযুক্তি দিয়াৰ সময়ত আশ্বাস দিছিল যে তিনি মাহৰ পাছত আমাক স্থায়ীভাৱে সংস্থাপন দিব। সেয়েহে আমি ভাল ভাল ব্যক্তিগত প্ৰতিষ্ঠান বা চিকিৎসালয়ত চাকৰি কৰি থকাসকলেও ক’ৰ’ণাৰ বিৰুদ্ধে যুঁজ কৰিবলৈ আহিছিলো।‘

‘আমি গেলা গৰমতো পিপিই কীট পৰিধান কৰি নিজৰ কৰ্তব্য পালন কৰিছিলো। হিমন্ত বিশ্ব শৰ্মা চাৰে আমাক নিযুক্তি দিয়াৰ সময়তে তিনিমাহৰ পাছত স্থায়ী নিযুক্তি দিম বুলি আশ্বাস দিছিল। কিন্তু আজি আমাক সঞ্চালক চাৰে মাতি আনি কৈছে যে তোমালোকক কামৰ পৰা ৰিলিজ দিয়া হ’ল। আমি ইন্টাৰভিউ দি নিযুক্তি পাইছিলো হিমন্ত বিশ্ব চাৰে নিজে আমাৰ সৈতে মিটিং অনুষ্ঠিত কৰি স্থায়ীভাৱে নিযুক্তি দিম বুলি কৈছিল। কিন্তু আজি আমাক চাকৰিৰ পৰা খেদালে।‘ এইদৰে কয় ভুক্তভোগী এগৰাকী লেব টেকনিচিয়ানে।

প্ৰশ্ন হয়, যদি প্ৰকৃততে ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগে স্থায়ীভাৱে নিযুক্তি দিব নোৱাৰে তেন্তে কিয় মিছা প্ৰলোভনৰে ১৫০ গৰাকী লেবৰেটৰী টেকনিচিয়ানক মাতি আনি কামত খটোৱালে?

কিয় কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাৰ পাছত তেওঁলোকক টিচু পেপাৰৰ দৰে ব্যৱহাৰ কৰি দলিয়াই পেলোৱা হ’ল বুলি প্ৰশ্ন কৰে প্ৰতিবাদকাৰীসকলে।