NORTHEAST NOW (Assamese)
অসম

মহাভাৰতৰ দ্ৰৌপদীৰ চৰিত্ৰত অৱতীৰ্ণ হ’ব দীপিকা পাডুকন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 25, 2019 12:08 pm
804954-deepika

বলীউদৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনক এইবাৰ দেখা যাব সম্পূৰ্ণ এক সুকীয়া ৰূপত। বলীউদত নিৰ্মাণ হ’বলগীয়া ‘মহাভাৰত’ত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিব দীপিকাই।

দীপিকা পাডুকনে অভিনয় কৰা শেহতীয়া ছবি পদ্মাৱতে বক্স অ’ফিচত বিৰাট সাফল্য লাভ কৰিছিল।

পদ্মাৱত ছবিখনৰ পাছতে দীপিকাই ৰণবীৰ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ বাবে কিছুদিনৰ বিৰতি লোৱাৰ পাছত পুনৰ ৰূপালী পৰ্দাত ভূমুকি মৰাৰ প্ৰস্তুতি চলাইছে।

ইয়াৰ মাজতে দীপিকাৰ মুক্তি পাবলগীয়া ছবি ‘ছপাক’ৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰিছে।

মধু মন্টেনাই নিৰ্মাণ কৰিবলগীয়া ‘মহাভাৰত’ৰ সৈতে বিশেষ ভূমিকাত জড়িত হোৱাৰ বাবে দীপিকা সাজু হৈছে। টুইটাৰত এই খৱৰটো শ্বেয়াৰ কৰিছে ট্ৰেণ্ড এনালাইষ্ট তৰুণ আদৰ্শে।

ছবিখন কেইবাটাও খণ্ডত নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ প্ৰথম খণ্ড ২০২১’ৰ দিৱালীৰ সময়ত মুক্তি দিয়া হ’ব।

মহাভাৰত ছবিখনৰ বিষয়ে আনুষ্ঠানিক ঘোষণাৰ পাছতে চলচ্চিত্ৰ অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে উৎফুল্লিত হৈ পৰা দেখা গৈছে।

আনহাতে, মধু মন্টেনাই কয়,’’আমি সকলোৱে মহাভাৰত বহুবাৰ দেখিছো, শুনিছো আৰু পঢ়িছো। কিন্তু দীপিকাৰ লগত মহাভাৰতৰ কথাটো হৈছে যে ছবিখন সম্পূৰ্ণভাৱে দ্ৰৌপদীৰ দৃষ্টিৰে নিৰ্মাণ কৰা হ’ব। দীপিকা আজি শ্ৰেষ্ঠ অভিনেত্ৰীয়ে নহয়, তেওঁ এই কাহিনীটোক অন্তিম পৰ্যায়লৈকে লৈ যাব পাৰে। তেওঁ যদি আমাৰ লগত নাথাকিলেহেতেন আমি ছবিখন নিৰ্মাণ কৰিব নোৱাৰিলোহেতেন।‘’