NORTHEAST NOW (Assamese)
অসম

দুখ আৰু মানসিক হতাশগ্ৰস্ততা একে নহয় : দীপিকা পাডুকন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 19, 2020 10:11 pm
804954-deepika

দুখ লগা আৰু মানসিক অস্থিৰতাত ভোগাটো একে নহয় বুলি মন্তব্য কৰে বৰ্তমান সময়ৰ বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে।

‘‘মানসিক অস্থিৰতাত ভোগাটো দুখ লগা অনুভৱৰ সৈতে একে নহয়,’’ টুইটাৰত দীপিকা পাডুকনে লিখে।

দীপিকাই মানসিক অস্থিৰতাত ভোগাটো একধৰণৰ মানসিক ৰোগ বুলিও লগতে কয়।

উল্লেখযোগ্য যে, অভিনেত্ৰী দীপিকা পাডুকনেও পূৰ্বে মানসিক হতাশগ্ৰস্ততাৰ স্বীকাৰ হৈছিল। চিকিৎসাৰ অন্তত অভিনেত্ৰী গৰাকী সুস্থ হৈ উঠিছিল।

কিছুদিন পূৰ্বে বলিউদৰ প্ৰতিভাৱান যুৱ অভিনেতা সুশান্ত সিং ৰাজপুতে মানসিক হতাশগ্ৰস্ততাত ভূগী আত্মহত্যা কৰাৰ পাছতে বলিউদত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে।

মাত্ৰ ৩৪ বছৰ বয়সত মৃত্যুক আকোৱালি লোৱা অভিনেতা গৰাকীয়ে বলিউদৰ আভ্যন্তৰত চলি থকা ৰাজনীতিৰ বাবেই আত্মহত্যাৰ পথ বাচি ল’বলগীয়া হৈছে বুলি বিভিন্ন মহলে মত ব্যক্ত কৰিছে।

আজি কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ সুশান্ত সিং ৰাজপুতৰ বিহাৰৰ গৃহত উপস্থিত হৈ পৰিয়ালৰ লোকক সাক্ষাৎ কৰি শোক ব্যক্ত কৰাৰ লগতে সদ্য প্ৰয়াত অভিনেতা গৰাকীয়ে আৰু বহু সফলতা লাভ কৰিবলৈ বাকী আছিল বুলি কয়।