NORTHEAST NOW (Assamese)
অসম

শ্ৰীলংকাক দেখি শিক্ষা লওক নেপালে; চীন সম্পৰ্কত কাঠমাণ্ডুক সতৰ্ক কৰি দিলে বিপিন ৰাৱাটে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 18, 2020 1:34 pm
army-fb_022318063236

চীনৰ সৈতে ঘনিষ্ঠতা গঢ়ি তোলাৰ পূৰ্বে নেপালে শ্ৰীলংকাৰ পৰা শিক্ষা লওক। ভাৰ্চুৱেল এক অনুষ্ঠানত এইদৰে কাঠমাণ্ডুক চিন্তা-চৰ্চা কৰি পদক্ষেপ গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ালে ভাৰতৰ চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটে।

বৃহস্পতিবাৰে ৰাৱাটে কয় যে ভাৰতে নেপালৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত কোনো অস্পষ্টতা ৰখা নাই। হিমালয়ৰ এই দেশখনক সকলোধৰণৰ সহায় নিস্বাৰ্থভাৱে আগবঢ়াই আহিছে। আন দেশৰ সৈতে নেপালৰ সম্পৰ্কক লৈ নতুন দিল্লীয়ে কোনো হস্তক্ষেপো কৰা নাই।

তেওঁ কয় যে আন্তৰ্জাতিক সম্পৰ্ক স্থাপনৰ দিশত কাঠমাণ্ডুৱে স্বতন্ত্ৰভাৱে সিদ্ধান্ত ল’ব পাৰে। কিন্তু এছিয়াৰ এই অঞ্চলত শ্ৰীলংকা আৰু আন দেশসমূহৰ ইখনৰ সৈতে সিখনে কি চুক্তিত স্বাক্ষৰ কৰিছে সেয়া চাই নেপালে শিক্ষা লোৱা উচিত।

বিগত কিছুদিন ধৰি সীমান্তক লৈ ভাৰত-নেপালৰ মাজত সংঘাত আৰম্ভ হৈছে। ইয়াৰ সমাধান সূত্ৰ উলিয়াবলৈ বিগত দুটা মাহত ভাৰতীয় চোৰাংচোৱা সংস্থা RAWৰ মুৰব্বী শ্যামন্ত কুমাৰ গোয়েল, বিদেশ সচিব হৰ্ষবৰ্ধন শিংলা আৰু সেনা প্ৰধান মনোজ মুকুন্দ নাৰাৱনেই নতুন দিল্লীৰ পৰা কাঠমাণ্ডু ভ্ৰমণ কৰিছে।

এই ব্যক্তিসকলে তাত গৈ নেপালৰ সৈতে ভাৰতৰ সম্পৰ্ক উন্নত কৰাৰ দিশত বিভিন্ন আলোচনাত মিলিত হৈছিল। ইয়াৰ ফলশ্ৰুতিতে চলিত মাহতে নেপালৰ বিদেশ মন্ত্ৰী প্ৰদীপ কুমাৰ গেওৱালিয়ে ভাৰত ভ্ৰমণলৈ আহিব।

এনে এক মুহূৰ্ত চীনৰ সৈতে নেপালৰ ঘনিষ্ঠতা বৃদ্ধিৰ প্ৰচেষ্টা নেতিবাচক হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰিছে ৰাৱাটে।

ভাৰতৰ চীফ অফ ডিফেন্স ষ্টাফ ৰাৱাটে অভিযোগ কৰে যে চীনে আন দেশশমূহক আৰ্থিক ঋণ প্ৰদান কৰি নিজৰ জালত ফঁচাবলৈ চেষ্টা কৰে।