NORTHEAST NOW (Assamese)

ছাত্ৰ বিক্ষোভত উত্তাল থাইলেণ্ড, চাৰিটা সংবাদ প্ৰতিষ্ঠান বন্ধ কৰিলে প্ৰশাসনে

October 19, 2020 1:50 pm · এন ই নাও নিউজ

পুনৰ উত্তপ্ত হৈ পৰিছে থাইলেণ্ড। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ লগতে ৰাজতন্ত্ৰৰ সংস্কাৰৰ দাবীত বিগত পাঁচ দিন ধৰি দেশ খনৰ ছাত্ৰ সমাজে অব্যাহত ৰাখিছে প্ৰতিবাদ।

থাইলেণ্ডৰ ৰজা ভাজিৰালাংকৰ্ণৰ বিলাসী জীৱনৰ কথা প্ৰচাৰ হোৱাৰ পিছতে অধিক উত্তেজিত হৈ পৰিছে থাই জনতা ।

থাইলেণ্ডৰ ৰজাই ২০১৬ চনৰে পৰাই নিজৰ দেশ এৰি জাৰ্মানীত থাকিবলৈ লোৱাৰ লগতে তাত কটাই আছে বিলাসী জীৱন।

দেশ খনত ৰাজতন্ত্ৰৰ সংস্কাৰৰ প্ৰয়োজনীয়তা আহি পৰিছে  বুলি ছাত্র সমাজে মন্তব্য কৰিছে।

ছাত্ৰ সমাজৰ প্ৰতিবাদত উত্তাল হৈ পৰা থাইলেণ্ডৰ ৰাজধানী বেংককত আজি প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গৰম পানী মাৰি পঠিয়ায়।

ইমানৰ পিছতো প্ৰতিবাদী ছাত্ৰসকলক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয় আৰক্ষী।

ইপিনে প্ৰতিবাদৰ জুই বিভিন্ন স্থানলৈ বিয়পি পৰাৰ আশংকা কৰি প্ৰশাসনে আজি থাইলেণ্ডত বন্ধ কৰি দিয়ে চাৰিটাকৈ সংবাদ প্ৰতিষ্ঠান।

একেদৰে প্ৰতিবাদী ছাত্ৰসকলৰ ফেচবুক পেজো চৰকাৰে বন্ধ কৰি দিছে।

উক্ত ফেচবুক পেজত ছাত্ৰসকলে ৰজা ভাজিৰালাংকৰ্ণই জাৰ্মানীত কটাই থকা বিলাসী জীৱনৰ বহু ছবি প্ৰকাশ কৰিছিল।

বিগত পাঁচ দিনত চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শতাধিক ছাত্ৰক।

Related News