NORTHEAST NOW (Assamese)

“ডিগ্ৰীৱালী দেশ বেছে” – মহুৱা মৈত্ৰক প্ৰত্যুত্তৰ দি নিশিকান্ত ডুবেইৰ টুইট

October 25, 2023 11:34 am · এন ই নাও নিউজ, গুৱাহাটী

তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই সংসদত আদানী বিষয়ক প্ৰশ্ন উত্থাপন কৰিবলৈ ব্যৱসায়ীৰ পৰা দুই কোটি টকাৰ উৎকোচ লোৱা বুলি বিজেপি সাংসদ নিশিকান্ত ডুবেই অভিযোগ উত্থাপন কৰাৰ পিছত এইবাৰ ইয়াৰ প্ৰত্যুত্তৰ দিছে তৃণমূলৰ সাংসদগৰাকীয়ে।

এইবাৰ মহুৱাই নিশিকান্তৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে। তেওঁ প্ৰশ্ন কৰে, নিশিকান্ত ডুবেৰ শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণ পত্ৰৰ সম্পৰ্কত উত্থাপন হোৱা অভিযোগৰ তদন্ত কিয় কৰা হোৱা নাই?

তৃণমূলৰ সাংসদগৰাকীয়ে দাবী কৰে যে ৭ মাহ পূৰ্বে তেওঁ বিজেপিৰ সাংসদ নিশিকান্ত ডুবেৰ বিৰুদ্ধে ডিগ্ৰী জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছিল। অভিযোগৰ তদন্ত কিয় এতিয়াও কৰা হোৱা নাই বুলি প্ৰশ্ন কৰে মৈত্ৰই?

একে সময়তে তেওঁ দাবী কৰে যে যোৱা বছৰ ঝাৰখণ্ডৰ দেওঘৰ বিমানবন্দৰৰ বিমান পৰিবহণ নিয়ন্ত্ৰণ কক্ষত প্ৰৱেশ কৰি নিশিকান্ত ডুবেই গুণ্ডাগিৰি কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেই অভিযোগৰ ভিত্তিত বিজেপিৰ সাংসদজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল। 

উক্ত অভিযোগ সম্পৰ্কত হেণ্ডেলত মহুৱা মৈত্ৰই লিখিছে, “আমি গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ডুবেৰ সেই অবৈধ প্ৰৱেশৰ তদন্তৰ বাবে অপেক্ষা কৰি আছো।”

বুধবাৰে তৃণমূলৰ সাংসদগৰাকীক প্ৰতিক্ৰিয়াৰ এই অভিযোগৰ উত্তৰত নিশিকান্ত ডুবেই কয় –  “ইয়াত প্ৰশ্নটো মোৰ ডিগ্ৰী বা আদানী গোটৰ কথা নহয়, বৰঞ্চ মহুৱা মৈত্ৰই ধনৰ বিনিময়ত সংসদত প্ৰশ্ন কৰিছিল নে নাই সেইটোহে প্ৰশ্ন?”

“ইয়াত সংসদৰ নিয়ম, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সাংসদৰ সম্পত্তি, দুৰ্নীতি আৰু অপৰাধমূলক কাৰ্যকলাপৰ বিষয়ে আলোচনা কৰা হৈছে। এন আই চিৰ মেইলটো ডুবাইৰ পৰা ব্যৱহাৰ কৰা হৈছিল নে নাই সেই উত্তৰ তেওঁ উত্তৰ দিব লাগিব। প্ৰশ্ন হয়, তেওঁ টকাখিনি লৈছিল নেকি? তেওঁৰ বিদেশ ভ্ৰমণৰ খৰচ কোনে দিছিল? এই বিদেশ ভ্ৰমণৰ বাবে তেওঁ লোকসভাৰ অধ্যক্ষ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা অনুমতি লৈছিল নেকি?” – লগতে নিশিকান্তই কয়। 

এক্স হেণ্ডেলত এই কথাখিনি লিখি নিশিকান্ত ডুবেই “#degree wali desh beche #chand paise ke le jamir beche” বুলি হেচটেগ দিছে। অৰ্থাৎ ডিগ্ৰী থকাসকলে দেশ বিক্ৰী কৰি আছে বুলি অভিযোগ কৰিছে সাংসদ নিশিকান্ত ডুবেয়ে।

Related News