NORTHEAST NOW (Assamese)

আজিৰ পৰা বগীবিলৰ ওপৰেদি আৰম্ভ হ’ল ডেকাৰগাঁও-ডিব্ৰুগড় ইণ্টাৰচিটি এক্সপ্ৰেছ

August 19, 2019 5:03 pm · এন ই নাও নিউজ
ফটো নৰ্থ-ইষ্ট নাও

উজনি অসমৰ বগীবিল দলঙৰ ওপৰেদি আজিৰ পৰা ডেকাৰগাঁও-ডিব্ৰুগড় ইণ্টাৰচিটি স্পেচিয়েল এক্সপ্ৰেছৰ চলাচল আৰম্ভ হৈছে।

আজিৰ প্ৰথমটো দিনত নতুন ট্ৰেইনখনত মুঠ ২১৪ গৰাকী যাত্ৰীয়ে যাত্ৰা কৰে।

উল্লেখযোগ্য যে এই ইণ্টাৰচিটী এক্সপ্ৰেছখন বগীবিল দলং হৈ তেজপুৰ আৰু ডিব্ৰুগড় জিলাৰ মাজত চলাচল কৰিব।

প্ৰতি সোম, মঙল, বুধ, শুকুৰ আৰু শনিবাৰে চলিবলগীয়া এই নতুন ইণ্টাৰচিটী এক্সপ্ৰেছখনত আছে মুঠ ১১টা ডবা।

আজিৰ পৰা ট্ৰেইনখনৰ চলাচল আৰম্ভ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোৰ ৰাইজৰ মাজত যথেষ্ট আনন্দ-উল্লাস দেখিবলৈ পোৱা গৈছে।

উক্ত ট্ৰেইনখনৰ ১০০ শতাংশ টিকেতৰ বুকিং ভাৰতীয় ৰে’লৱেৰ অসংৰক্ষিত টিকেতিং ব্যৱস্থা (UTS)ৰ জৰিয়তে কৰা হয় বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেই জানিবলৈ দিয়ে।

উত্তৰ-পূব ৰে’লৱে আজি এক টুইটত কয়, ‘আজি প্ৰথমটো দিনতে ডেকাৰগাঁও-ডিব্ৰুগড় ইণ্টাৰচিটিয়ে ৰাইজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে, UTS শ্ৰেণীত ১০০ শতাংশ বুকিং হৈছে। এটা দীৰ্ঘদিনিয়া প্ৰয়োজন পূৰ্ণ হ’ল।‘

উত্তৰ-পূব সীমান্তৰ ৰে’লৱেৰ বিষয়াই পূৰ্বতে জনোৱা অনুসৰি এই বিশেষ ইণ্টাৰচিটিখন ডেকাৰগাঁও আৰু ডিব্ৰুগড়ৰ মাজত ৬ মাহৰ বাবে পৰীক্ষামূলকভাৱে চলোৱা হ’ব।

Related News