NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষাৰ ওচৰত স্মাৰকপত্ৰ দাখিল এছকেএম পাৰ্টীৰ নাৰী মৰ্চাৰ সঁজাতী দলৰ

Posted by: সাগৰ ছেত্ৰী Updated by: সাগৰ ছেত্ৰী January 22, 2019 9:34 pm
IMG-20190122-WA0224

আজি ২২ জানুৱাৰি মঙলবাৰে আবেলি ছিকিম ক্ৰান্তিকাৰী মৰ্চা পাৰ্টীৰ অন্তৰ্গত নাৰী মৰ্চাৰ এটা ৭জনীয়া সঁজাতী দলে নতুন দিল্লীত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাক সাক্ষাৎ কৰে। এই সঁজাতী দলটোৰ নেতৃত্বত আছে নাৰী মৰ্চাৰ মুখ্য আহ্বায়িকা কালা ৰাই। নেত্ৰী কালা ৰাইৰ সৈতে সঁজাতী দলটোত আছে ভীম কুমাৰী শৰ্মা, পৱিত্ৰা ভাণ্ডাৰী, ৰূপা মানগাৰ, প্ৰেৰণা দাৰ্নাল, জামিয়ং ভুটীয়া আৰু টেনি দোমা ভুটীয়া।

ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ তৰফৰ পৰা প্ৰকাশ কৰা এটা সংবাদ বিজ্ঞপ্তিত জনোৱা হৈছে যে এই সঁজাতী দলটোৱে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষাৰ ওচৰত এটা ভিডিঅ’ ক্লিপসহ এখন স্মাৰকপত্ৰ দাখিল কৰিছে। এই স্মাৰকপত্ৰ আৰু ভিডিঅ’ ক্লিপটোত ছিকিমৰ মুখ্য মন্ত্ৰীগৰাকীয়ে শেহতীয়াভাৱে মহিলাসকলৰ মাহকীয়া ঋতুৰ সন্দৰ্ভত কৰা মন্তব্যৰ সাক্ষ্য আছে।

সংবাদ বিজ্ঞপ্তিটোত আৰু কোৱা হৈছে যে বিষয়টো সন্দৰ্ভত নাৰী মৰ্চাই ইতিমধ্যে ছিকিম আৰক্ষী আৰু ৰাজ্যিক মহিলা আয়োগক অৱগত কৰিছে।

জানিব পৰা অনুসৰি, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যাক্ষাই নাৰী মৰ্চাক আশ্বাস প্ৰদান কৰিছে যে আয়োগ এই বিষয়ত অধিক গভীৰলৈ গৈ বিষয়টো বিৱেচনা কৰিব আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ আদেশ দিব।