NORTHEAST NOW (Assamese)

দিল্লী বিজেপিৰ এইগৰাকী নেতাৰ ক’ৰ’নাত মৃত্যু

June 19, 2020 11:23 am · এন ই নাও নিউজ

দিল্লীত ক’ৰ’না ভাইৰাছৰ সংহাৰে আতংকৰ সৃষ্টি কৰাৰ সময়তে এই ভাইৰাছবিধৰ ফলত বিজেপি নেতা হৰবঞ্চ লাল গুপ্তাৰ মৃত্যু হয় বুলি খবৰ ওলাইছে।

হৰি নগৰ নিবাসী বিজেপি নেতাগৰাকীৰ মহাৰাজা অগ্ৰসেন হাস্পতালত মৃত্যু হয়।

উল্লেখ্য যে দিল্লীত ক’ৰ’নাৰ দ্ৰুত সংক্ৰমণ ঘটিছে। বৃহস্পতিবাৰৰ দিনটোত দিল্লীত ২৮৭৭ গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে ৬৫ গৰাকীৰ মৃত্যু হৈছে।

দিল্লীত এই পৰ্যন্ত সৰ্বমুঠ ৪৯৯৭৯ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৯৬৯ গৰাকী লোক।

ইফালে যোৱা ২৪ ঘণ্টাত দিল্লীৰ ৩৮৮৪ গৰাকী ৰোগী ক’ৰ’নামুক্ত হৈ ঘৰলৈ উভতি গৈছে। দিল্লীত বৰ্তমান সুস্থ লোকৰ সংখ্যা ২১,৩৪১।

দেশত এতিয়া ক’ৰ’না আক্ৰান্ত ৰোগীৰ মুঠ সংখ্যা হৈছে ২,৮০,৫৩২ গৰাকী আৰু মৃত্যু হৈছে ১২৫৭৩ গৰাকী।

Related News