NORTHEAST NOW (Assamese)
Popular Stories

ল’কডাউন বৃদ্ধি সন্দৰ্ভত প্ৰধান মন্ত্ৰীয়ে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে; বৈঠকৰ অন্তত মোদীক প্ৰশংসা কেজৰিৱালৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 11, 2020 4:10 pm
Congratulating Arunachal Pradesh on 'Statehood Day', Modi faces Kejriwal's 'request'

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ল’কডাউনৰ সময়সীমা বৃদ্ধি সন্দৰ্ভত হোৱা বৈঠকৰ অন্তত প্ৰধান মন্ত্ৰীক প্ৰশাংসা কৰিছে দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

‘‘প্ৰধান মন্ত্ৰীয়ে ল’কডাউন বৃদ্ধি কৰা সন্দৰ্ভত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে,’’ টুইটাৰত কেজৰিৱালে উল্লেখ কৰে।

‘‘আমি আগতীয়াকৈ ল’কডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে ভাৰতে আজি অন্য উন্নত দেশতকৈ সংক্ৰমণৰ ক্ষেত্ৰত সন্তোষজনক স্থানত আছে। যদিহে আজি আমি ল’কডাউন বন্ধ কৰি দিও সকলো প্ৰচেষ্টা অথলে যাব। সকলো দিশ সামৰি ইয়াক বৃদ্ধি কৰা প্ৰয়োজন,’’ কেজৰিৱালে লগতে কয়।

উল্লেখযোগ্য যে, বৈঠকত দিল্লীৰ লগতে পাঞ্জাৱৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথকে ধৰি সকলো ৰাজ্যৰ মুখ্য মন্ত্ৰী উপস্থিত থাকে।

আনহাতে, অনলাইন বৈঠকত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ মুখ্য মন্ত্ৰী সকলৰ কোভিদ-১৯ সম্বন্ধীয় যিকোনো পৰামৰ্শৰ বাবে ২৪x৭ ঘণ্টা উপলব্ধ আছে বুলি কয়।

‘‘মই আপোনালোকৰ বাবে ২৪x৭ ঘণ্টা উপলব্ধ আছো। আপোনালোকে যেতিয়াই ইচ্ছা মোলৈ ফোন কৰিব পাৰে। আমি সকলোৱে একেলগে এই যুদ্ধ জয়ী হ’ব লাগিব,’’ নৰেন্দ্ৰ মোদীয়ে লগতে কয়।