NORTHEAST NOW (Assamese)
দেশ

সমাগত নিৰ্বাচন! ৰাম মন্দিৰত উপাসনা অৰৱিন্দ কেজৰিৱালৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 26, 2021 6:45 pm
Kejriwal offering prayers at Ram Janambhoomi

এইবাৰ ৰাম মন্দিৰত উপাসনা কৰিলে অৰৱিন্দ কেজৰিৱালেও। আজি অযোধ্যাস্থিত ৰাম জনমভূমি দৰ্শন কৰে হিন্দুত্ববাদীসকলৰ চকুৰ কূটা কেজৰিৱালে।

দৰ্শন কৰি উঠি সাংবাদিকৰ আগত তেওঁ কয় যে ৰাম মন্দিৰ দৰ্শন কৰি তেওঁ ভাগ্যশালী অনুভৱ কৰিছে। সকলোকে ৰাম মন্দিৰ দৰ্শন কৰিবলৈ তেওঁ আহ্বান কৰে।

দেশৰ উন্নতিৰ বাবে ভগৱান শ্ৰীৰামচন্দ্ৰৰ পৰা আৰ্শীবাদ বিচৰা বুলিও তেওঁ জনায়। তদুপৰি তেওঁ আশ্বাস দিয়ে যে দিল্লী চৰকাৰে ৰাম জন্মভূমিক মুখ্যমন্ত্ৰীৰ বিনামূলীয়া তীৰ্থযাত্ৰা যোঁজনাৰ অন্তৰ্ভূক্ত কৰিব।

উল্লেখযোগ্য যে উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইমাহ মান বাকী আছে। নিৰ্বাচনটোত কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিয়েও সক্ৰিয় ভূমিকা ল’ব।

ৰাজ্যখনৰ সকলো সমষ্টিতে নিৰ্বাচন খেলিব দলটোৱে। ইতিমধ্যে দলটোৱে ভোটাৰসকললৈ বিভিন্ন নিৰ্বাচনী প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে।

তেনে পৰিস্থিতিত কেজৰিৱালে এই ৰামভক্তি লক্ষ্যণীয় হৈ পৰিছে।

বিশেষকৈ গৰিষ্ঠসংখ্যক হিন্দু ভোটাৰ থকা ৰাজ্যখনত ভোটাৰক আকৰ্ষিত কৰিবলৈকে কেজৰিৱালে ৰাম মন্দিৰ দৰ্শন কৰে বুলি চৰ্চিত হৈছে।