NORTHEAST NOW (Assamese)
অসম

শীৰ্ষস্থান পুনৰুদ্ধাৰৰ লক্ষ্যৰে আজি দিল্লীৰ বিৰুদ্ধে নামিব নৰ্থ-ইষ্ট য়ুনাইটেড

Posted by: এন ই নাও নিউজ October 30, 2018 12:03 pm
players-in-action-during-indian-super-league-isl-613736

চলিত হিৰ’ ইণ্ডিয়ান ছুপাৰ লীগত এই পৰ্যন্ত অপৰাজেয় ধাৰা অব্যাহত ৰখা নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি দলে প্ৰৱল আত্মবিশ্বাসেৰে আজি পঞ্চমখন খেলত অৱতীৰ্ণ হ’ব দিল্লী ডায়নামোজৰ বিৰুদ্ধে ।

চেন্নাইন এফ চি আৰু এটিকেক পৰাস্ত কৰাৰ লগতে গোৱা আৰু জামছেদপুৰৰ বিৰুদ্ধে ড্ৰ খেলি আঠ পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত থকা নৰ্থ-ইষ্ট য়ুনাইটেডৰ সন্মুখত পুনৰ শীৰ্ষস্থান দখলৰ এয়া সুৱৰ্ণ সুযোগ। কিয়নো এই পৰ্যন্ত দিল্লীয়ে ডায়নামোজে চাৰিখন মেচ খেলি এইপৰ্যন্ত এখনতো বিজয়ৰ মুখ দেখা নাই। দলটোৱে তিনিখনত ড্ৰ আৰু এখনত পৰাজয়বৰণেৰে তিনি পইণ্ট লৈ তালিকাৰ অষ্টম স্থানত আছে।

নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ বাবে আলহী দল নৰ্থ-ইষ্ট য়ুনাইটেডৰ খেলুৱৈসকল সম্পূৰ্ণৰূপে সাজু হৈ থকাৰ লগতে আত্মবিশ্বাসী হৈ আছে বুলি দলটোৰ প্ৰশিক্ষকে জানিবলৈ দিয়ে।

উল্লেখ্য যে ইয়াৰ আগৰ মেচখনত য়ুনাইটেডৰ ৰক্ষণ বিভাগৰ অভিজ্ঞ খেলুৱৈ কাম’ৰক্সিয়ে ৰঙা কাৰ্ড পোৱা হেতুকে আজিৰ মেচত অংশগ্ৰহণ কৰিব নোৱাৰা কাৰ্যই প্ৰশিক্ষক এলকোক অলপ চিন্তিত কৰি তুলিছে। ইয়াৰ বাবে প্ৰশিক্ষকগৰাকীয়ে সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি জনায়।

ইফালে দিল্লী ডায়নামোজৰ বাবে আজিৰ মেচখন এক প্ৰকাৰ মৰণপণ যুঁজ। আজিৰ মেচত পৰাজয় মানে দলটোৰ বাবে প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা কঠিন হৈ পৰিব।