NORTHEAST NOW (Assamese)
অসম

দিল্লীত পুনৰ আৰম্ভ ক’ৰ’নাৰ সংক্ৰমণ; ব্যক্তিগত চিকিৎসালয়ক ৮০ শতাংশ আই চি য়ু বিচনা সংৰক্ষণৰ নিৰ্দেশ চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 13, 2020 3:47 pm
delhi-government-to-scale-up-testing-for-coronavirus-arvind-kejriwal

দেশৰ ৰাজধানী নতুন দিল্লীত ক’ৰ’না ভাইৰাছৰ নতুনকৈ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে ২৮ খন ব্যক্তিগতখণ্ডৰ হস্পিটেলক ৮০ শতাংশ আই চি য়ু বিচনা কোভিড ৰোগী সকলৰ বাবে সংৰক্ষণ কৰি ৰখাৰ বাবে নিৰ্দেশ দিছে।

দিল্লী চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা নিৰ্দেশনাত এই ২৮ খন ব্যক্তিগতখণ্ডৰ হস্পিটেলৰ নাম উল্লেখ কৰা হয়।

নিৰ্দেশনাটোত উল্লেখ কৰা আগশাৰীৰ হস্পিটেল সমূহৰ ভিতৰত মেক্স (চাকেট), ফৰ্টিছ (বসন্ত কুঞ্জ), চৰোজ চুপাৰ হস্পিটেল, এম ডি চিটি হস্পিটেল আৰু ছাৰ গংগাৰাম চিটি হস্পিটেল(পুছা ৰোড)।

উল্লেখযোগ্য যে, দিল্লীত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা নিয়ন্ত্ৰণলৈ অহাৰ পাছত পুনৰ ইয়াৰ সংক্ৰমণ আৰম্ভ হৈছে।

অৱশ্যে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে দিল্লীত ক’ৰ’নাৰ দ্বিতীয় ৱেভ অহা বুলি অস্বীকাৰ কৰিছে।

মেট্ৰ’কে ধৰি বজাৰ-সমাৰ আদি খোলাৰ ক্ষেত্ৰত নীতি-নিৰ্দেশনাসমূহ কিছু পৰিমাণে শিথিল কৰি দিয়া বাবেই পুনৰ ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি দিল্লী চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে।