NORTHEAST NOW (Assamese)
Popular Stories

‘ক’ৰ’ণা ছিটাকৰণৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে দিল্লী চৰকাৰে’; মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 24, 2020 2:17 pm
index.jpgl

দিল্লী চৰকাৰে ক’ৰ’ণা টিকাকৰণৰ সকলোবোৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই ঘোষণা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

বৃহস্পতিবাৰে কোভিড১৯ প্ৰশাসনিক সম্পৰ্কীয় এখন বৈঠকত অধ্যক্ষতা কৰি দিল্লী মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে দিল্লীত কোভিড টিকাকৰণ কৰিবলৈ যি প্ৰস্তুতিৰ প্ৰয়োজন সেয়া ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে।

“দিল্লী চৰকাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰি প্ৰতিষেধক প্ৰদান কৰিবলৈ সাজু হৈ আছে। স্বাস্থ্য সেৱাৰ প্ৰথম শাৰীত কাম কৰা কৰ্মচাৰীৰ লগতে প্ৰায় ৫১ লাখ লোকক সাজু কৰা হৈছে, যিসকলক প্ৰথম পৰ্যায়ত টিকাকৰণ কৰা হ’ব। সকলো লোকৰ চিনাক্তকৰণ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে।” মুখ্যমন্ত্ৰী কেজৰিৱালে কয়।

তেওঁ লগতে কয় যে প্ৰথম পৰ্যায়ৰ লোকসকলক দুটাকৈ ড’জ প্ৰদান কৰা হ’ব। ইয়াৰ বাবে দিল্লীক প্ৰথম পৰ্যায়ত ১.২ কোটি ভেকচিনৰ প্ৰয়োজন হ’ব।

ইফালে তেওঁৰ চৰকাৰে ৭৪ লাখ ড’জ সংৰক্ষণ কৰিব পৰাকৈ ষ্ট’ৰেজ সাজু কৰি ৰাখিছে বুলিও মন্তব্য কৰিছে কেজৰিৱালে।

“বৰ্তমান ৭৪ লাখ ড’জ সংৰক্ষণ কৰিব পৰা ব্যৱস্থা কৰা হৈছে আৰু এসপ্তাহৰ ভিতৰতে বৃদ্ধি কৰি ১.১৫ কোটি ড’জলৈ ইয়াক বৃদ্ধি কৰা হ’ব।” কেজৰিৱালে কয়।