NORTHEAST NOW (Assamese)

দিল্লী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে মনীষ চিছ’দিয়াৰ জামিন আবেদন

May 30, 2023 4:50 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 12, 2024 9:25 pm

আবকাৰী নীতি ২০২১-২২ ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)ৰ গোচৰত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ নেতা মনীষ চিছ’দিয়াৰ জামিন আবেদন খাৰিজ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে।

মঙলবাৰে ন্যায়াধীশ দীনেশ কুমাৰ শৰ্মাই এই নিৰ্দেশ ঘোষণা কৰি ১১ মে’ত এই সিদ্ধান্ত সংৰক্ষণ কৰাৰ কথা ঘোষণা কৰে। ন্যায়াধীশ গৰাকীয়ে শুনানি গ্ৰহণ কৰি কয় যে চৰকাৰে প্ৰৱৰ্ত্তন কৰা আবকাৰী নীতি চাউথ কোমাপানীৰ অনুৰোধ মৰ্মে তেওঁলোকৰ সুবিধা অনুসৰি প্ৰৱৰ্ত্তন কৰা।

উল্লেখ্য যে, চিবিআই আৰু বলবৎকাৰী সঞ্চালকালয় (ইডি)ৰ দ্বাৰা পঞ্জীয়ন হোৱা গোচৰত মণিষ ছিছ’দিয়া বৰ্তমান  ন্যায়িক জিম্মাত আছে। ইয়াৰ পূৰ্বে ৩১ মাৰ্চত বিশেষ ন্যায়াধীশে আৰু পিছলৈ ২৮ এপ্ৰিলত ট্ৰেইল আদালতে তেওঁক জামিনৰ পৰা বঞ্চিত কৰিছিল।

যোৱা ২৬ ফেব্ৰুৱাৰীত সুৰা নীতিৰ গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰি ৬ মাৰ্চত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। 

Related News