NORTHEAST NOW (Assamese)
দেশ

যৌন নিৰ্যাতনৰ বলি হোৱা মহিলাক বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব লাগিব চিকিৎসালয় সমূহে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 27, 2024 2:18 pm

মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰতিভা এম সিং আৰু ন্যায়াধীশ অমিত শৰ্মাৰ সংমণ্ডল বিচাৰপীঠে চিকিৎসালয় সমূহলৈ এক নিৰ্দেশ জাৰি কৰে।

এই নিৰ্দেশনা দেশৰ সকলো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পুঁজিৰে চলি থকা চিকিৎসা প্ৰতিষ্ঠান, ব্যক্তিগত চিকিৎসালয়, ক্লিনিক আৰু নাৰ্চিং হোমৰ ক্ষেত্ৰত প্ৰযোজ্য বুলি আদালতে জানিবলৈ দিয়ে।

এই নিৰ্দেশত ন্যায়ালয়ে কয় যে এতিয়াৰে পৰা যৌন নিৰ্যাতনৰ বলি হোৱা সকলো লোকক চিকিৎসালয়সমূহে বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰিব লাগিব।

আদালতৰ ৰায় অনুসৰি “চিকিৎসা” শব্দটো কেৱল প্ৰাথমিক চিকিৎসাৰ মাজতে সীমাবদ্ধ নহয়। ইয়াৰ ভিতৰত থাকিব ৰোগ নিৰ্ণয়, প্ৰয়োজনীয় পৰীক্ষা, অস্ত্ৰোপচাৰ, শাৰীৰিক আৰু মানসিক পৰামৰ্শ।

আদালতে লগতে উল্লেখ কৰে যে ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ বলি হোৱা সকলোকে চিকিৎসা সাহায্যৰ প্ৰয়োজন।

আদালতে এই ৰায়ৰ বিষয়ে সকলো আদালতক অৱগত কৰিব লাগে বুলিও নিৰ্দেশ দিয়ে।