NORTHEAST NOW (Assamese)
Popular Stories

কেজৰিৱালৰ জামিন আবেদন সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ জাননী; এইবাৰ চিবিআইক মতামত দিবলৈ নিৰ্দেশ

Posted by: নৰ্থ ইষ্ট নাও অসমীয়া Updated by: নৰ্থ ইষ্ট নাও অসমীয়া July 5, 2024 6:50 pm

আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন আবেদন সন্দৰ্ভত কেন্দ্ৰীয় সংস্থা চিবিআইৰ মতামত বিচাৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে।

দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত ইউ পিৰ মুৰব্বী কেজৰীক ইডিয়ে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি চিবিআইয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। ২৬ জুনত এই গোচৰৰ সোধা-পোছাৰ বাবে দিল্লীৰ তিহাৰ কাৰাগাৰলৈ গৈ কেজৰিৱালক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল। সেইবাবেই উচ্চ ন্যায়ালয়ে জামিনক লৈ চিবিআইৰ মতামত বিচাৰিছে।

কেজৰিৰ হৈ তেওঁৰ অধিবক্তা অভিষেক মনু সিংভীয়ে জামিনৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰে। প্ৰথম অৱস্থাত উচ্চ ন্যায়ালয়ে বিষয়টো পুনৰ নিম্ন আদালতলৈ বিবেচনাৰ বাবে প্ৰেৰণ কৰিব বুলি কৈছিল যদিও পাছত চিবিআইৰ মতামত বিচাৰি জাননী প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়।

প্ৰসংগক্ৰমে শনিবাৰে (২৯ জুন) দিল্লীৰ ৰাউজ এভিনিউ আদালতে কেন্দ্ৰীয় তদন্ত সংস্থাৰ অনুৰোধ মঞ্জুৰ কৰি কেজৰিৱালক ১২ জুলাইলৈকে তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে। জিম্মাত থকাৰ সময়সীমা শেষ হোৱাৰ পাছত সেইদিনা দুপৰীয়া ২ বজাত জেলৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কেজৰিৱালক পুনৰ আদালতত হাজিৰ কৰা হ’ব। কেজৰিৱালে ৰাউজ এভিনিউ আদালতে তেওঁক জেলৰ জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশৰ বিৰুদ্ধেও উচ্চতম ন্যায়ালয়ত এক সুকীয়া আৱেদন দাখিল কৰে। দিল্লী উচ্চ ন্যায়ালয়তো জামিনৰ বাবে নতুনকৈ আবেদন দাখিল কৰিছে।

উল্লেখ্য যে,২১ মাৰ্চত ইডিয়ে আবকাৰী দুৰ্নীতিৰ গোচৰত কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ নকৰিলে। ফলত তেওঁ দেশৰ ইতিহাসৰ প্ৰথমজন মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয় যি কাৰ্যকালত গ্ৰেপ্তাৰ হয়। ইয়াৰ পাছত উচ্চতম ন্যায়ালয়ে লোকসভা নিৰ্বাচনৰ সময়ত তেওঁক কিছুদিনৰ বাবে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে। কাৰ্যকাল শেষ হোৱাৰ পাছত কেজৰিৱালক তিহাৰ জেললৈ গৈ ২ জুনত আত্মসমৰ্পণ কৰে। যোৱা সপ্তাহত দিল্লীৰ আদালতে জামিন মঞ্জুৰ কৰিছিল কেজৰীক। ইডিয়ে তেওঁৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনায়। তাতেই জামিন নিলম্বিত কৰা হৈছিল। পাছত চিবিআইয়ে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰে।