NORTHEAST NOW (Assamese)
অসম

দিল্লীত অনুষ্ঠিত কাৰাটে প্ৰতিযোগিতাত হাজোৰ দুই যুৱকৰ সাফল্য

Posted by: এন ই নাও নিউজ August 12, 2018 11:06 am
দিল্লীত অনুষ্ঠিত কাৰাটে প্ৰতিযোগিতাত হাজোৰ দুই যুৱকৰ সাফল্য

নতুন দিল্লীত ১০ আগষ্টৰ পৰা হোৱা এক কাৰাটে প্ৰতিযোগিতাত অসমৰ হৈ অংশ গ্ৰহণ কৰা হাজোৰ দুগৰাকী যুৱকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে এই ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ছাব জুনিয়ৰ শাখাত হাজোৰ শ্যামল কলিতাই দুটাকৈ সোণৰ পদ লাভ কৰে।

ইয়াৰ বিপৰীতে হাজোৰে আন এজন যুৱক ডেনিমৰাজ দাসে এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

হাজোৰ বহ্নিমান কাৰাটে একাডেমীৰ খেলুৱৈ দুগৰাকীক পদক আৰু মানপত্ৰ প্ৰদান কৰে সৰ্বভাৰতীয় কাৰাটে সন্থাৰ সম্পাদক প্ৰধান চিহান ভৰত শৰ্মাই।

ইউনাইটেড কাৰাটে ডো সন্থা (উকা)ই নিৰ্বাচিত কৰা অসমৰ ৫৪ জনীয়া দলটোৰ অন্যতম সদস্য শ্যামল আৰু ডেনিমৰাজ দুয়ো হাজো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ।

মন কৰিব লগীয়া যে পূৰ্বেতেও এই দুয়োগৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।