NORTHEAST NOW (Assamese)
Popular Stories

ট্ৰাম্পৰ আগমনৰ দিনাই উত্তপ্ত ৰাজধানী, হিংসাৰ জুইয়ে চানি ধৰিছে উত্তৰ-পূৱ দিল্লী; আৰক্ষীৰ লাঠি চালনা আৰু কন্দুৱা গেছ প্ৰয়োগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 24, 2020 5:09 pm
maujpur-violence1

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আগমনৰ দিনাই উত্তপ্ত হৈছে ৰাজধানী দিল্লী। হিংসাৰ দাবানলে দিল্লীক কৰি তুলিছে উত্তেজনাপূৰ্ণ।

ৰাজধানী দিল্লীত কা বিৰোধী আন্দোলনত সংঘটিত হৈছে হিংসাত্মক ঘটনা। প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠী চালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰিছে।

ইফালে প্ৰতিবাদকাৰীয়ে পুলিচৰ ওপৰত শিলগুটি নিক্ষেপ কৰিছে বুলি জানিব পৰা গৈছে।

পৰিস্থিতি ইমানে ভয়াৱহ হৈছে যে চাৰিওফালে উকণ্ঠাৰ লগতে উত্তেজনা বিয়পি পৰিছে।

জলন্ত জুইৰ ধোঁৱাই  ধুমায়িত কৰিছে আকাশ। ব্যক্তিগত বাহন আৰু ৰাজহুৱা সম্পত্তি জুই জাহ যোৱা পৰিলক্ষিত হৈছে।

এই হিংসাত্মক ঘটনাত কিমান লোক হতাহত হৈছে বাতৰি প্ৰস্তুত কৰি থকা পৰ্যন্ত জানিব পৰা হোৱা নাই। কিছু আহত লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। অৱশ্যে এই হিংসাত্মক প্ৰতিবাদত এজন হেড কনিষ্টবলৰ মৃত্যু হোৱাৰ লগতে ডিচিপি অমিত শৰ্মা গুৰুতৰ ভাৱে আহত হৈছে।

উল্লেখ্য যে উত্তৰ পূব দিল্লীৰ মৌজপুৰত আজি দুদিন ধৰি অবিৰতভাৱে কা বিৰোধী প্ৰতিবাদী কাৰ্যসূচী চলি আছিল।

আজি দ্বিতীয় দিনা হঠাতে প্ৰতিবাদস্থলী উত্তপ্ত হৈ উঠে। মৌজপুৰ নাতিদূৰৈৰ বাবৰ্পুৰ মেট্ৰ’ ৰেইল ষ্টেচনত ৰখাই থোৱা কিছুমান বাহনত কোনো দুষ্কৃতিকাৰীয়ে জুই লগাই দিয়ে আৰু তাৰ পৰাই পৰিস্থিতি হিংসাত্মক হৈ পৰে। প্ৰায় দুঘণ্টা ধৰি জুলি থকা জুইয়ে জাফ্ৰাবাদ আৰু মৌজপুৰলৈকে বিয়পি পৰে।

দিল্লী মেট্ৰ’ ৰেইল ক’ৰ্পৰেশ্যনে লগে লগে জাফ্ৰাবাদ-মৌজপুৰ-বাবৰ্পুৰসহ পাঁচটাকৈ মেট্ৰ’ ষ্টেনৰ গেট বন্ধ কৰি দিছে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালে এল জি অনিল বাজাজ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনাইছে।

 

যোৱা দেওবাৰে দিল্লী বিজেপিৰ নেতা কপিল মিশ্ৰই অবিৰত কা বিৰোধী প্ৰতিবাদ চলি থকা অঞ্চলৰ সমীপতে কা সমৰ্থনত এক সমাৱেশ উলিয়াইছিল।য’ত প্ৰায় ৫০০ মান মানুহে অংশগ্ৰহণ কৰিছিল। আৰু তাৰ পিছতে শনিবাৰে নিশালৈ জাফ্ৰাবাদ আৰু চন্দনবাঘ পথটো প্ৰতিবাদকাৰীয়ে বন্ধ কৰি ৰখা বুলি জানিব পৰা গৈছিল।

এতিয়াও অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে। বাতৰি প্ৰস্তুত কৰি থকা পৰলৈকে কা বিৰোধী প্ৰতিবাদৰ বাবে জাফ্ৰাবাদৰ পৰা বাবৰ্পুৰৰ ফালে আগবাঢ়ি যোৱা প্ৰত্যক্ষ কৰা হৈছে। আৰু ঘৰৰ পৰা উলায় আহি মানুহে প্ৰতিবাদী মিছিলত যোগ দিয়া দেখা গৈছে। প্ৰতিবাদকাৰীয়ে শিল নিক্ষেপ কৰাৰ বাবে গোটেই অঞ্চলটোতে হিংসা বিয়পি পৰা দেখা গৈছে।

আনহাতে আৰক্ষীয়ে লাঠি চালনা আৰু কন্দুৱা গেছ প্ৰয়োগ কৰি পৰিস্থিতিৰ বাবে চেষ্টা কৰিছে যদিও এই পৰ্যন্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই। বৰং ন ন অঞ্চললৈ এই হিংসা সম্প্ৰসাৰণ হোৱাৰহে খবৰ আহি আছে।

ইতিমধ্যে অঞ্চলজুৰি ১৪৪ ধাৰা বলৱৎ কৰিছে আৰক্ষীৰ প্ৰশাসনে।