NORTHEAST NOW (Assamese)
দেশ

দুই আফ্ৰিকানসহ ৬ ড্ৰাগ ডিলাৰক আটক দিল্লী আৰক্ষীৰ: জব্দ ১০ কোটি টকাতকৈও অধিক মূল্যৰ ড্ৰাগছ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 11, 2022 6:38 pm
drugs seized

দিল্লী আৰক্ষীৰ এণ্টি-নাৰ্ক’টিক্স টাস্ক ফ’ৰ্চে ৰাষ্ট্ৰীয় ৰাজধানী চহৰখনত আজি ড্ৰাগছৰ বিৰুদ্ধে চাৰিটা পৃথক পৃথক অভিযানত বিশেষ সফলতা লাভ কৰিছে। এই অভিযানৰ সময়ত আৰক্ষীৰ এই শাখাটোৱে দুই আফ্ৰিকানসহ ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছে।

এণ্টি-নাৰ্ক’টিক্স টাস্ক ফ’ৰ্চৰ বিষয়াসকলে অভিযান কালত ১.৭ কিলোগ্ৰাম হেৰোইন, ১০ গ্ৰাম কোকেইন আৰু ১২ গ্ৰাম এমডি উদ্ধাৰ কৰে।

এই নিষিদ্ধ দ্ৰব্যখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য ১০ কোটি টকাতকৈও অধিক হ’ব বুলি তেওঁলোকে জানিবলৈ দিছে।

দিনটোৰ প্ৰথম অভিযানত শ্বাম্বেন সিং নামৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক ৫০০ গ্ৰাম হেৰোইনসহ আটক কৰা হৈছিল। উল্লেখ্য যে তেওঁক পূৰ্বেও জুৱা আৰু অবৈধ অস্ত্ৰ লগত ৰখাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।

কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত তেওঁ সহজে ধন উপাৰ্জন কৰিবলৈ হেৰোইন বিক্ৰী কৰা আৰম্ভ কৰিছিল বুলি আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

সেইদৰে দ্বিতীয় অভিযানত সুমন আৰু অৰ্পন নামৰ আন দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰী যুৱকক ৫০০ গ্ৰাম হেৰোইনসহ আটক কৰা হৈছিল।

আনহাতে টাস্ক ফ’ৰ্চে তৃতীয় অভিযানত ভিটালিছ চিনেডু আৰু কালেব মাজি অগবুয়াগু নামৰ দুজন আফ্ৰিকান নাগৰিকক আটক কৰে।

দুয়োগৰাকীৰ পৰা মুঠ ৫১৩ গ্ৰাম হেৰোইন, ১০ গ্ৰাম কোকেইন আৰু ১২ গ্ৰাম এমডি উদ্ধাৰ কৰা হয়।

দিনটোৰ আনটো অভিযানত বিজয় কুমাৰ নামৰ এজন ব্যক্তিক আটক কৰা হয় আৰু তেওঁৰ পৰা ২০০ গ্ৰাম হেৰোইন উদ্ধাৰ কৰা হয়।আৰক্ষীয়ে জানিবলৈ দিয়া মতে ধৃত বিজয় কুমাৰৰ বিৰুদ্ধে পূৰ্বৰে পৰা আঠটা গোচৰ ৰুজু হৈ আছে।