NORTHEAST NOW (Assamese)

বিড়ম্বনা! শাস্তিৰ পৰা বাচিবলৈ ২৪ বছৰ পূৰ্বে নিজকে মৃত ঘোষণা কৰা অভিযুক্ত পৰিল আৰক্ষীৰ জালত

November 12, 2022 7:32 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 12, 2022 2:39 am

বলীউডৰ জনপ্ৰিয় অভিনেতা পংকজ ত্ৰিপাঠী অভিনীত ‘কাগজ’ শীৰ্ষক চলচ্চিত্ৰখন নিশ্চয় চাইছে। চৰকাৰী নথি-পত্ৰত মৃত ঘোষিত হোৱাৰ পিছত নিজকে জীৱিত প্ৰমাণ কৰিবলৈ গৈ ত্ৰিপাঠী কেনে এক অভাৱনীয় পৰিস্থিতিৰ সাক্ষী হৈছিল, সেই দৃশ্যাংশ নিশ্চয় পাহৰা নাই।

সেই কাগজ নামৰ চিনেমাখনৰ দৰেই আন এক ঘটনা বাস্তৱত দেখিবলৈ পোৱা গৈছে ৰাজধানী চহৰ দিল্লীত। অৱশ্যে এইবাৰ চৰকাৰী বিভাগৰ ভুলৰ বাবে নহয়, গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পৰিবলৈ গৈ চৰকাৰী নথিত নিজকে মৃত ঘোষিত কৰি এগৰাকী ব্যক্তি ২৪ বছৰ পিছত আৰক্ষীৰ ফান্দত পৰিছে।

১৯৯১ চনত চুৰিৰ গোচৰত অভিযুক্ত ব্যক্তিগৰাকীয়ে সকলো চৰকাৰী কাগজত নিজকে ‘মৃত’ বুলি ঘোষণা কৰি লৈছিল। কিন্তু স্থানীয় আৰক্ষীয়ে শেহতীয়াকৈ অভিযুক্তগৰাকীৰ বিষয়ে খবৰ লাভ কৰাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰিছে।

এই ব্যক্তিগৰাকী গ্ৰেপ্তাৰ হোৱাৰ পিছত দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ১৯৯১ চনত অভিযুক্তগৰাকীৰ বিৰুদ্ধে চুৰিৰ এক গোচৰ ৰুজু কৰা হৈছিল আৰু বিষয়টো আদালতৰ মজিয়া পাইছিল।

কিন্তু ১৯৯৮ চনত আদালতত দাখিল কৰা চৰকাৰী নথিপত্ৰত তেওঁক ‘মৃত’ বুলি ঘোষণা কৰা হৈছিল। অভিযুক্ত মৃত বুলি ধাৰণা কৰিয়ে আদালতে তেওঁৰ ফাইলটো স্থগিত ৰাখিছিল।

যোৱা ২৪ বছৰে গ্ৰেপ্তাৰ নোহোৱালৈকে তেওঁ এইদৰেই মৃত পৰিচয়েৰে লুকাই আছিল। অৱশেষত শুকুৰবাৰে এই ব্যক্তিগৰাকী আৰক্ষীৰ হাতত ধৰা পৰে।

আৰক্ষীয়ে অভিযুক্ত এই ব্যক্তিগৰাকীক নিজৰ জিম্মাত লোৱাৰ লগতে তেওঁৰ চৰকাৰী নথিপত্ৰ ভুৱাকৈ প্ৰস্তুত কৰা ব্যক্তিগৰাকীৰ সন্ধান উলিওৱাৰ বাবে জেৰা চলাই আছে।

Related News