NORTHEAST NOW (Assamese)
অসম

মেৰীকমৰ পুত্ৰৰ জন্মদিনত উপস্থিত হ’ল দিল্লী আৰক্ষী; কেক কাটি দিলে শুভেচ্ছা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 15, 2020 9:52 am
Mary-Kom

কৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ ফলত গোটেই ভাৰতবৰ্ষতে এতিয়া এক উদ্বেগজনক পৰিস্থিতিয়ে বিৰাজ কৰিছে।

কেন্দ্ৰীয় চৰকাৰে কৰ’না সংক্ৰমণ ৰোধ কৰাৰ বাবে দেশজুৰি লকডাউনৰ ঘোষণা কৰিছে।

লকডাউনৰ ফলত স্কুল-কলেজ, বজাৰ, চিত্ৰগৃহকে ধৰি ৰাজহুৱা স্থানসমূহ বন্ধ হৈ পৰিছে। লকডাউনৰ বাবেই মানুহ গৃহবন্দী হৈ আছে।

লকডাউনৰ মাজতে বৃহস্পতিবাৰে বক্সিং চেম্পিয়নমেৰীকমৰ কনিষ্ঠ পুত্ৰ প্ৰিন্সৰ জন্মদিন আছিল।

মেৰীকমৰ পুত্ৰৰ জন্মদিনৰ কথা জানিব পাৰি দিল্লী আৰক্ষীৰ এচিপি প্ৰজ্ঞাই বাৰ্থডে কেক লৈ আৰক্ষীৰ এটা দলৰ সৈতে নতুন দিল্লীৰ হুমায়ুন ৰোডত থকা মেৰীকমৰ ঘৰত উপস্থিত হয়।

দিল্লী আৰক্ষীক এইদৰে বাৰ্থডে কেক লৈ উপস্থিত হোৱা দেখি মেৰীকম আচৰিত হৈ পৰে।

ইয়াৰ পাছতে মেৰীকমৰ পুত্ৰ প্ৰিন্সে কেক কাটে আৰু মাতৃৰ লগতে দিল্লী আৰক্ষীৰ তথা পৰিয়ালৰ আন লোকৰ সৈতে জন্মদিন উদযাপন কৰে।

দিল্লীৰ আৰক্ষীৰ দলটোৱে মেৰীকমৰ পুত্ৰক জন্মদিনৰ শুভেচ্ছা জনায়।

এচিপি প্ৰজ্ঞাই জানিবলৈ দিয়ে যে মেৰীকম মহিলা সবলীকৰণৰ এগৰাকী জলন্ত দৃষ্টান্ত। তেওঁ দেশক কেইবাটাও পদক উপহাৰ দিয়াৰ লগতে সমগ্ৰ বিশ্বতে দেশৰ নাম উজলাই তুলিছে। দিল্লী আৰক্ষীৰ তেওঁৰ সন্মানৰ অৰ্থে এয়া এক সামান্য প্ৰয়াস।

ইপিনে, বক্সিঙৰ বিশ্ব চেম্পিয়ন মেৰীকমেও লকডাউনৰ সময়ত দিল্লী আৰক্ষীৰ কামকাজৰ শলাগ লয়।