NORTHEAST NOW (Assamese)
অসম

দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত ১৫ অভিযুক্তৰ বিৰুদ্ধে ১৭ হাজাৰ পৃষ্ঠাৰ অভিযোগনামা দাখিল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 16, 2020 8:07 pm
delhi riot

৫৩ জন লোকৰ প্ৰাণহানি ঘটোৱা দিল্লীৰ সংঘৰ্ষ সন্দৰ্ভত আজি দিল্লী  আৰক্ষীয়ে ১৫ জন লোকৰ বিৰুদ্ধে ১৭ হাজাৰ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে।

১৭ হাজাৰ পৃষ্ঠাৰ অভিযোগনামাৰ ভিতৰত ২৬৯২ পৃষ্ঠাত  ১৫ অভিযুক্তৰ বিষয়ে বিস্তৃত ভাবে উল্লেখ কৰা হৈছে।

বাকী পৃষ্ঠাবোৰত সংঘৰ্ষৰ আনুসংগিক দিশসমূহ সামৰি লোৱা হৈছে।

কাৰকাডোমা আদালতলৈ আজি দুটা বৃহৎ ট্ৰাংকত ভৰাই অভিযোগনামা অনা হয়।

দিল্লী আৰক্ষীয়ে অভিযোগনামাত উল্লেখ কৰা অনুসৰি কেইবাটাও হোৱাটছ এপ গ্ৰুপৰ জৰিয়তে প্ৰতিক্ৰিয়াশীল চক্ৰই হিংসা বিয়পাইছিল।

উল্লেখ্য ইতিমধ্যে ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ বিশেষ শাখাই দিল্লীৰ জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ওমৰ খালিদক গ্ৰেপ্তাৰ কৰিছে।

খালিদৰ বিৰুদ্ধে আৰক্ষীয়ে জনতাক হিংসাত্মক কাৰ্যত লিপ্ত হব’লৈ উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে।

বিশেষকৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ভাৰতলৈ আহোতে ওমৰ খালিদে মানুহক ৰাজপথলৈ ওলাই আহি হিংসাত জৰিত হ’বলৈ উচটনি দিয়া বুলি আৰক্ষীয়ে কৈছে।

‘কা’ বিৰোধী আন্দোলনৰ সময়ত দিল্লীত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে  আন কেইবাজনো ব্যক্তিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে।

আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাত চিপিএমৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, স্বৰাজ অভিযানৰ নেতা যোগেন্দ্ৰ যাদৱ, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক অপূৰ্বানন্দ, বিশিষ্ট অৰ্থনীতিবিদ জয়তী ঘোষ, তথ্য চিত্ৰ নিৰ্মাতা ৰাহুল ৰয় আদিৰ নামো সন্নিবিষ্ট কৰা হৈছে।

এইসকল ব্যক্তিয়ে উত্তৰ-পূব দিল্লীত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত আন্দোলনকাৰীসকলক হিংসাত জৰিত হ’বলৈ উচটনি দিয়াৰ অভিযোগ কৰা হৈছে।

ইতিমধ্যে দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে অসমৰ ছাত্ৰী দেৱাংগনা কলিতাৰ লগতে আন কেইবাগৰাকীও লোকক গ্ৰেপ্তাৰ কৰিছে।