NORTHEAST NOW (Assamese)

দীপাৱলীত আতচবাজী নিষিদ্ধ কৰিলে দিল্লী চৰকাৰে

September 15, 2021 3:41 pm · নৰ্থ ইষ্ট নাও
Updated: September 15, 2021 5:47 pm

এইবছৰৰ দীপাৱলীত আতচবাজীৰ জমা, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে দিল্লী চৰকাৰে,বুধবাৰে টুইটাৰযোগে এই কথা ঘোষণা কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে।

টুইটটোত কেজৰিৱালে উল্লেখ কৰে যে, বিগত তিনিবছৰত দিল্লীত দীপাৱলীৰ সময়ছোৱাত প্ৰদূষণৰ মাত্ৰা ভয়ংকৰভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এইবছৰ আতচবাজীৰ জমা, বিক্ৰী আৰু ব্যৱহাৰ  সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। উল্লেখ্য যে, যোৱা বৰ্ষৰ দীপাৱলীটো দিল্লী চৰকাৰে আতচবাজীৰ ব্যৱহাৰ নিষিদ্ধ কৰিছিল।

 

কেজৰিৱালে লগতে কয়,যোৱা বছৰ আতচবাজীৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰা পলম হোৱাৰ বাবে বিক্ৰীৰ বাবে আগতীয়াকৈ আতচবাজী জমা কৰোৱা ব্যৱসায়ীসকল প্ৰচুৰ লোকচানৰ সন্মুখীন হবলগীয়া হৈছিল।সেয়েহে তেওঁ ব্যৱসায়ীসকলক এইবছৰ আতচবাজী জমা নকৰিবলৈ আহ্বান জনায়।

Latest News :  অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ বিৰুদ্ধে ১৩২ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ; উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী

উল্লেখ্য যে, ২০২০ চনৰ ৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ দিল্লী চৰকাৰে সকলোধৰণৰ আতচবাজীৰ ব্যৱহাৰত প্ৰতিবন্ধকতা আৰোপ কৰিছিল দিল্লী চৰকাৰে। অৱশ্যে হঠাতে আৰোপ কৰা এনে নিষেধাজ্ঞাৰ ফলত ব্যৱসায়ীসকল লোকচানৰ সন্মুখীন হৈছিল।

Related News