NORTHEAST NOW (Assamese)
Popular Stories

দিল্লীত প্ৰাপ্তবৰ্ষীয় সকলো লোককে বিনামূল্যে ভেকচিন প্ৰদান কৰা হ’ব, মুখ্যমন্ত্ৰী কেজৰিৱালৰ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 26, 2021 2:40 pm
দিল্লীত প্ৰাপ্তবৰ্ষীয় সকলো লোককে বিনামূল্যে ভেকচিন প্ৰদান কৰা হ’ব, মুখ্যমন্ত্ৰী কেজৰিৱালৰ ঘোষণা

দিল্লীত ১৮ বছৰৰ ঊৰ্ধৰ সকলো লোককে বিনামূলীয়াকৈ ক’ভিড ভেকচিন প্ৰদান কৰা হ’ব।

সোমবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই সিদ্ধান্ত ঘোষণা কৰে।

একনি ভাৰ্চুৱেল সংবাদমেলত, কেজৰিৱালে কয় যে দিল্লী চৰকাৰে ১৩.৪ মিলিয়ন ভেকচিনৰ টোপাল উপলব্ধ কৰিব।

মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে  কৰোণাভাইৰাচক ৰোধ কৰিবৰ বাবে ভেকচিনেচনেই একমাত্ৰ উপায় বুলি সকলোৱে অনুভৱ কৰে।

”যদি সকলোকে ভেকচিন প্ৰদান কৰা হয়, ক’ভিড-১৯ এটা সাধাৰণ শাৰীৰিক অসুস্থতা হৈ পৰিব।”- কেজৰিৱালে কয়।

উল্লেখযোগ্য যে সকলো প্ৰাপ্তবয়স্ক লোকৰ বাবে ১ মে’ৰ পৰা ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

ভেকচিনৰ মূল্য সম্পৰ্কত কেজৰিৱালে কয় যে ইয়াৰ মূল্য সমগ্ৰ দেশত এটা হোৱা উচিত।

তেওঁ কেন্দ্ৰীয় চৰকাৰক ভেকচিনৰ মূল্য কম কৰিবলৈ অনুৰোধ কৰে।

তেওঁ কয় যে এয়া মুনাফা লুটাৰ সময় নহয়।

”যিসময়ত এটা কোম্পানীয়ে প্ৰতি টোপাল ভেকচিনৰ মূল্য ৰাজ্যসমূহৰ বাবে ৪০০ টকা ধাৰ্য কৰিছে, আন এটা কোম্পানীয়ে প্ৰতি টোপালত ৬০০ টকাৰ মূল্যত প্ৰদান কৰিছে, কিন্তু কেন্দ্ৰই সেইসমূহ ১৫০ টকাতে লাভ কৰে। এয়া মুনাফা ঘটাৰ সময় নহয়।”- তেওঁ কয়।